ডিব্ৰুগড়ঃ আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে। এনে ক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ মনোনীত প্ৰাৰ্থী গৰাকী জয়ী কৰাবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

দেওবাৰে চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিকম গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিকম চাহ বাগিচা আৰু হাতী গাধৈ গাঁৱত ন বিজেপি যুৱনেতা যুগল বৰুৱাই লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ ভোটা ৰাইজক আকৰ্ষিত কৰিবলৈ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়।

লক্ষীমপুৰ লোকসভাৰ সংসদীয় সমষ্টিৰ বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক ভোটদান কৰিবলৈ ন বিজেপি যুৱ নেতাগৰাকীয়ে উপস্থিতত ৰাইজক আহ্বান জনায়। যুৱ নেতাগৰাকীৰ সৈতে অংশগ্ৰহণ কৰি ডিকম জিলা পৰিষদৰ ব্ৰজেন গগৈয়ে ৰাজ্যৰ আৰু কেন্দ্ৰীয় চৰকাৰে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনি অৱগত কৰা লগতে বিগত সময়ত কংগ্ৰেছ দলে দেশখনৰ অৰ্থনৈতিক ব্যৱস্থাটো কুঙা কৰি পেলাইছিল বুলি দাবী কৰে।

বিজেপিৰ পুনৰ দেশৰ শাসনলৈ আনিলে আগন্তুক সময়ত সমগ্ৰ ভাৰতবৰ্ষ আৰ্থ-সামাজিক ব্যৱস্থাটো অধিক উন্নত হ'ব বুলি কয় যুৱনেতা যুগল বৰুৱা আৰু ডিকম জিলা পৰিষদৰ সদস্য ব্ৰজেন গগৈয়ে।