63
ডিব্ৰুগড়ঃ আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে। এনে ক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ মনোনীত প্ৰাৰ্থী গৰাকী জয়ী কৰাবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।
দেওবাৰে চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিকম গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিকম চাহ বাগিচা আৰু হাতী গাধৈ গাঁৱত ন বিজেপি যুৱনেতা যুগল বৰুৱাই লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ ভোটা ৰাইজক আকৰ্ষিত কৰিবলৈ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়।