newsnextone.com | ডিব্ৰুগড়ঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাৰ কেইবাগাৰীক মেধা ছাত্ৰ-ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ 

উজনিৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় চহৰক উজলাই তোলে ৪গৰাকী কৃতী ছাত্ৰই৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ক চেৰ পেলাই ব্যক্তিগত খণ্ডৰ তিনিখন বিদ্যালয়ৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ডিব্ৰুগড়ৰ নামধাৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চল্টব্ৰুক একাডেমিৰ বাণিজ্য শাখাত দুগৰাকী, জ্ঞান-বিজ্ঞান একাডেমিৰ বানিজ্য শাখাৰ এগৰাকী, আৰু আৰ কে কলেজৰ বিজ্ঞান শাখাত দুগৰাকীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত এটাকৈ স্থান দখল কৰিবলৈ সক্ষম হয়৷ 

আনহাতে  চল্টব্ৰুক একাডেমিৰ পৰা বাণিজ্য শাখাত দিক্ষিতা বৰুৱাই ৪৭১ নম্বৰ সহ দ্বিতীয় স্থান, জ্ঞান-বিজ্ঞান একাডেমিৰ শ্বেতা দাসে ৪৬৪ নম্বৰ সহ তৃতীয় স্থান ছল্টব্ৰুক একাডেমিৰ অভিভৱন হাজৰিকাই ৪৫৮ নম্বৰ সহ অষ্টম স্থান দখল কৰে৷ বিজ্ঞান শাখাত আৰ কে কলেজৰ অন্তৰা ফুকণে ৪৭৬ নম্বৰ সহ ষষ্ঠ স্থান আৰু স্বাগত গগৈয়ে ৪৭২ নম্বৰ সহ নৱম স্থান দখল কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ 

উল্লেখ্য যে, বিগত বৰ্ষৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান প্ৰাপকৰ সংখ্যা অৱনমিত হোৱা পৰিলক্ষিত হৈছে৷ তথাপি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কেইখনে ধাৰাবাহিক ভাৱে ডিব্ৰুগড়ৰ গৌৰৱ ধৰি ৰখাত সফল হৈছে৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কৃতিত্বত ডিব্ৰুগড়ত আবতৰীয়া উৎসৱ পালন কৰা দেখিবলৈ পোৱা যায়৷ ফটকা-আতচবাজী ফুটাই নাচ-গানেৰে পালন কৰে বিজয় উৎসৱ৷ লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে৷

ডিব্ৰুগড়ৰ গদাপানীৰ নিৱাসী তথা লাহোৱালৰ পশু চিকিৎসক ডা০ দেৱজিৎ কুমাৰ বৰুৱা আৰু ডিব্ৰুগড়ৰ পশু চিকিৎসক ডা০ বন্দনা দত্ত বৰুৱাৰ কন্যা দিক্ষিতা বৰুৱাই তেজপুৰ বিশ্ববিদ্যালয়ত ইনপ্ৰিগ্ৰেটেড এম কম পঢ়াৰ ইচ্ছা পুহি ৰাখিছে৷ আজৰি সময়ত গান শুনি ছবি আকি ভাল পোৱা দিক্ষিতাই দৈনিক ১২ৰ পৰা ১৪ ঘণ্টাকৈ অধ্যয়ন কৰিছিল৷ আনহাতে তেওঁৰ এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছে৷

ডিব্ৰুগড়ৰ শান্তিপাৰাৰ ব্যৱসায়ী স্বপন দাস আৰু ৰুমী পাৰু দাসৰ কন্যা শ্বেতা দাসে দৈনিক ৮-১০ ঘন্টাকৈ পঢ়ি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল বুলি জানিবলৈ দিয়ে৷ ভৱিষ্যতে কি কৰিব সেই সম্পৰ্কত এতিয়াও কৃতী ছাত্ৰীগৰাকীয়ে বিশেষ পৰিকল্পনা কৰা নাই যদিও ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত বি কম পঢ়াৰ ইচ্ছা ব্যক্ত কৰিছে৷

ভৱিষ্যতে যিয়েই চাকৰি নকৰক, এজন সফল নাগৰিক হ’ব খোজে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ পৰা বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰা অভিভৱন হাজৰিকাই৷ ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেন হাজৰিকা আৰু ডিআইচিচিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মীৰা হাজৰিকাৰ সু-সন্তান তথা ডিব্ৰুগড় মিলন নগৰৰ এম লেণ্ডৰ নিবাসী অভিভৱন হাজৰিকাৰ নাছিল পঢ়াৰ নিৰ্দিষ্ট সময়৷ আবেলি ৬ বড়াৰ পৰা নিশা ১২ বজালৈকে দৈনিক ৰুটিন মতে পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৱা অভিভাৱনে পিতৃ-মাতৃ, দাদা-বাইদেউৰ লগতে শিক্ষাগুৰুসকলক বিশেষভাৱে কৃতজ্ঞতা জনাইছে৷

২০১৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চেণ্ট জেভিয়াৰ্ছ স্কুলৰ পৰা দ্বিতীয় স্থানপ্ৰাপ্ত স্বাগত গগৈয়ে এজন সু-চিকিৎসক হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে৷ সম্প্ৰতি ডিব্ৰুগড়ৰৰ আৰকে কলেজৰ পৰা নৱম স্থান লাভ কৰা স্বাগতে দৈনিক ৪-৫ ঘণ্টাকৈ পঢ়ি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল৷ মিলন নগৰ তুলসী গাঁৱৰ ব্যৱসায়ী নিৰঞ্জন গগৈৰ সন্তান স্বাগত গগৈয়ে সাফ্যলৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক কৃতজ্ঞতা জনাইছে৷

ডিব্ৰুগড় সেউজপুৰৰ অট’মোবাইল ইঞ্জিনীয়াৰ অজিত ফুকন আৰু এনচিচিৰ জ্যেষ্ঠ সহায়ক জোনালী ফুকনৰ কন্যা অন্তৰা ফুকনৰ ভৱিষ্যতে অভিযন্তা হোৱাৰ মন৷ কলেজৰ পাঠদান চলি থকাৰ সময়ত দৈনিক ৫-৬ ঘণ্টাকৈ আৰু পৰীক্ষাৰ সময়ত ১৪ ঘণ্টাকৈ অধ্যয়ন কৰি ষষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা অন্তৰাই ভগৱানৰ আশীৰ্বাদৰ লগতে পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক বিশেষ ভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷