Home ৰাজনীতি৭৭ত আমি ক্ষমা বিচাৰিছোঁ, বিজেপিয়ে বিফলতা ঢাকিবৰ বাবে ৪১ বছৰ আগৰ কথা আলোচনা কৰিছে

৭৭ত আমি ক্ষমা বিচাৰিছোঁ, বিজেপিয়ে বিফলতা ঢাকিবৰ বাবে ৪১ বছৰ আগৰ কথা আলোচনা কৰিছে

by News Desk
89 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ১৯৭৭ চনত দেশত ঘোষিত জৰুৰীকালীন অৱস্থাই ৪৩ বছৰ অতিক্ৰম কৰে৷ ১৯৭৭ চনত ঘোষিত জৰুৰীকালীন অৱস্থাৰ গইনা লৈ বিজেপিয়ে ২০১৮ চনত কংগ্ৰেছক ঘেৰাও কৰা পৰিলক্ষিত হৈছে৷ জৰুৰীকালীন অৱস্থাক সুঁৱৰি বিজেপিয়ে সমগ্ৰ দেশত কলা দিৱস পালন কৰে৷ একপ্ৰকাৰ কলা দিৱস কংগ্ৰেছক সমালোচনা কৰা দিৱসত পৰিণত হয়৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়৷ তাৰ মাজতে বিজেপিক উভতি ধৰে কংগ্ৰেছৰ নেতা দ্বিগীজয় সিঙে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আন আন বিজেপিৰ নেতাই কংগ্ৰেছক আক্ৰমণ কৰা কাৰ্যক টুইট কৰি উভতি ধৰি দ্বিগীজয় সিঙে কয় ‘‘বিজেপি আৰু মোডীয়ে ইন্দিৰা গান্ধীৰ দ্বাৰা ১৯৭৭ত লগোৱা জৰুৰীকালীন অৱস্থাক স্মৰণ কৰােৱা হৈছে৷ ইয়াৰ শাস্তি জনসাধাৰণে ১৯৭৭ চনৰ নিৰ্বাচনতে দিছে৷ যাক আমি স্বীকাৰ কৰিছোঁ৷ আমি ক্ষমা বিচাৰিছোঁ৷ ১৯৮০ চনত ৰাইজে আমাক ক্ষমা কৰি পুনৰাই ইন্দিৰা গান্ধীৰ চৰকাৰ গঠন কৰাৰ সুবিধা দিছে৷ টুইট কৰি দ্বিগীজয় সিঙে আৰু কয় ‘‘বিজেপিয়ে বিফলতা ঢাকিবৰ বাবে ৪১ বছৰ আগৰ কথা আলোচনা কৰিছে৷ ৰাইজে সকলো জানে৷ ২০১৮-১৯ চনৰ নিৰ্বাচনত জনতাই উচিত শিক্ষা দিব এওঁলোকক৷’’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0