ডিব্ৰুগড়ঃ এগৰাকী মহিলা আৰু এটা ফেচবুক পোষ্ট। ফেচবুক পোষ্টটোত সন্নিবিষ্ট হৈ আছে এটি লাইভ ভিডিঅ’। ভিডিঅ’টোত এজন পুৰুষে উক্ত মহিলগৰাকীক প্ৰহাৰ কৰি থকা দেখা গৈছে।

বহুতে বহু মন্তব্য কৰিছে। মহিলাগৰাকীক সহানুভূতি জনাই সাহসেৰে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ কৈছে। সেয়া ১১ আগষ্টৰ কথা। তাৰ পিছৰ কাহিনী ধূসৰ। হঠাৎ মহিলাগৰাকীৰ ফেচবুক একাউণ্টৰ পৰা ডিলিট হৈ পৰিছিল উক্ত লাইভ ভিডিঅ’টো। নোহোৱা হৈ পৰিছিল জীয়াই থাকিবলৈ ইচ্ছা নাইকিয়া হৈছে বুলি দিয়া আপডেট? 

১৭ আগষ্টৰ নিশা টেঙাখাট অাৰক্ষী থানাৰ অন্তৰ্গত বাছমতীয়া চাহ বাগিচাৰ সমীপৰ তেলপানী নৈৰ এখন দলঙৰ তলত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। এই মৃতদেহটোৱে আছিল প্ৰায় এসপ্তাহ পূৰ্বে পুৰুষৰ হাতত নিৰ্যাতিত হোৱা দৃশ্য ফেচবুকত লাইভ কৰি জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈ পৰা বুলি আপডেট দিয়া মহিলাগৰাকী। 

মহিলাগৰাকীৰ নাম ডিম্পী নেওগ। বয়স ৩২ বছৰ। কেবাদিনো ধৰি সন্ধানহীন হৈ আছিল ডিম্পী ওৰফে হৰিপ্ৰিয়া নেওগ। অৱশেষত গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰহস্যঘন হৈ পৰে সমগ্ৰ বিষয়। টেঙাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধিনত ৯৩/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে ডিম্পীৰ দ্বিতীয় স্বামী দিব্যজ্যোতি বৰুৱা। আৰক্ষীয়ে জনোৱা মতে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা পলাতক হৈ আছে দিব্যজ্যোতি নামৰ লোকজন।

কোন এই দুৰ্ভগীয়া ডিম্পী?

ডিম্পী নেওগ ওৰফে হৰিপ্ৰিয়া নেওগ পাঠক। ঘৰ তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰত। অজিত পাঠক নামৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডিম্পী। এটি কন্যা সন্তান জন্ম পোৱাৰ পিছতে স্বামীৰ পৰা পৃথকে থাকিবলৈ লয় ডিম্পীয়ে। তেতিয়াই কণমানি কন্যাক ডিম্পীৰ পিতৃ-মাতৃয়ে নিজৰ ঘৰলৈ লৈ যায়। পিছত দিব্যজ্যোতি বৰুৱা নামৰ আন লোকৰ সৈতে নতুন জীৱন আৰম্ভ কৰে ডিম্পীয়ে। নতুন জীৱন আৰম্ভ কৰি তিনিচুকীয়াৰ হিজগুৰি অঞ্চলৰ এটি ভাৰাঘৰত থাকিবলৈ লৈছিল ডিম্পী।

মৃত্যুৰ কেইদিনমান আগৰ ঘটনাঃ

মৃতদেহ উদ্ধাৰৰ আগদিনা ডিম্পীয়ে মাকলৈ ফোন কৰি কৈছিল, 'মা, এটা ভাল খবৰ। অজিতে ৰিৰ্টায়াৰ পাছত ৩২ লাখ টকা পাইছে। তাৰে ৭ লাখ টকা ছোৱালীজনীৰ নামত দিছে। কাইলৈ পুৱাই আমি উকীলৰ ওচৰলৈ যাব লাগিব।’ সেইনিশাই প্ৰায় ১২.৩০ বজাৰ ভিতৰত ডিম্পীৰ মোবাইলৰ পৰা নিজৰ মাহীয়েকলৈ এটা মিচকল যায়। ইয়াৰ পিছতে বৃহস্পতিবাৰে উদ্ধাৰ হয় ডিম্পীৰ মৃতদেহ।

দিব্যজ্যোতিয়ে কিয় নিৰ্যাতন চলাইছিল?

সন্দেহ আৰু সন্দেহ। কেৱল সন্দেহ। ডিম্পীয়ে কোৱা মতে, কেৱল সন্দেহ কৰিছিল দিব্যজ্যোতিয়ে। বন্ধুলৈ ফোন কৰিলেও খং কৰিছিল দিব্যজ্যোতিয়ে। কোনো কোনোৱে দিব্যজ্যোতিৰে ডিম্পীৰ বিবাহ বৰ্হিভূত সম্পৰ্ক থকা বুলি মন্তব্য কৰাৰ বিপৰীতে নিজে দিব্যজ্যোতিক দ্বিতীয় স্বামী বুলি পৰিচয় দিছিল। নিজৰ ফেচবুক একাউণ্টৰ নামো সলনি কৰি ডিম্পী এন বৰুৱা কৰিছিল। এটা সূত্ৰই জনোৱা মতে, ছালফাৰে সম্পৰ্ক আছিল দিব্যজ্যোতিৰ। দিব্যজ্যোতিৰ অত্যাচাৰত অতিষ্ঠ হৈ জীয়াই থকাৰো ইচ্ছা হেৰুৱাই পেলাইছিল ডিম্পীয়ে।

ফেচবুকৰ বন্ধুক কি কৈছিল ডিম্পীয়ে?

ফেচবুকৰ এজন বন্ধুক ডিম্পীয়ে তেওঁক দুজন ছালফাই হত্যাৰ ভাবুকি দিয়া বুলি জনাইছিল। দ্বিতীয় স্বামীৰ সৈতে ছালফাকেইজনৰ সু-সম্পৰ্ক আছিল বুলিও কৈছিল ডিম্পীয়ে। আৰক্ষীৰ ওচৰলৈ যাবলৈ বন্ধুজন পৰামৰ্শ আগবঢ়োৱাত কৈছিল যে আৰক্ষীক বহু কোটি টকাৰ গৰাকী স্বামী আৰু ছালফা কেইজনে মেনেজ কৰিব। অৱশ্যে পিছত চাবুৱা থানাত দিব্যজ্যোতিৰ বিৰুদ্ধে ১৫৭/ ১৭ নম্বৰত এটি গোচৰ ৰুজু কৰে ডিম্পীয়ে।

বেয়া পথত ভৰি থৈছিল নেকি ডিম্পীয়ে?

প্ৰথম স্বামী আৰু ডিম্পীৰ আছিল বয়সৰ বৃহৎ ব্যৱধান। ডিম্পীৰ বৰ্তমানৰ বয়স ৩২ বছৰ। বিপৰীতে প্ৰথম স্বামীৰ বয়স হৈছে ৬২ৰো অধিক। এনেকৈয়ে বিবাহিত জীৱনক লৈ বিতুষ্ট হৈ নতুনৰ সন্ধান কৰিছিল ডিম্পীয়ে। এদিন প্ৰথম স্বামী অজিতৰে সম্পৰ্ক ছেদ কৰি কন্যাৰ সৈতে অকলশৰীয়াকৈ থকাৰ সিদ্ধান্ত লৈছিল ডিম্পীয়ে। এই কথা জানিব পাৰি পিতৃ-মাতৃয়ে নাতিনীয়েকক নিজৰ লগত লৈ গৈছিল। তেতিয়া অধিক অকলশৰীয়া হৈ পৰা ডিম্পীৰ জীৱনলৈ আগমন ঘটিছিল দিব্যজ্যোতিৰ।

একাংশ লোকৰ মতে, দিব্যজ্যোতিৰ হেঁচাত পৰি বহু পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ বাধ্য হৈ পৰিছিল ডিম্পী। আনিক এখন সম্পূৰ্ণ সুকীয়া জগতত ভৰি দিবলৈকো ডিম্পীয়ে কুণ্ঠাবোধ কৰা নাছিল বুলি জানিব পৰা গৈছে। ভাৰাঘৰত অকলশৰীয়াকৈ থকা ডিম্পীৰ অইল আৰু অ’ এন জি চিৰ বহু শীৰ্ষ বিষয়াৰ সৈতে সু-সম্পৰ্ক থকা বুলিও এটা সূত্ৰই সদৰী কৰিছে। প্ৰতিষ্ঠান দুটাৰ বহু শীৰ্ষ বিষয়াক ডিম্পীয়ে সুন্দৰীৰ যোগান ধৰা বুলিও অভিযোগ উত্থাপিত হৈছে।