(যোৱা সংখ্যাৰ পিছৰ পৰা) বিশ্বায়নৰ সংবিধানখন হল GATT অথবা জেনেৰেল এগ্ৰিমেণ্ট অন ট্ৰেড এণ্ড টাৰীফ। GATT। পিছলৈ ই বিশ্ব বাণিজ্য সংস্থাৰ ৰূপ ধাৰণ কৰে। এতিয়া বিশ্বায়নৰ সকলো ব্যৱস্থা বিশ্ব বাণিজ্য সংস্থাৰ নিৰ্দেশত চলে। ভাৰতবৰ্ষই চৰকাৰীভাৱে বিশ্বায়নৰ নৱ উদাৰবাদী অৰ্থনীতিৰ আওতালৈ আহে ১৯৯১ চনত। ১৯৯১ চনৰ পৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাত আমূল পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন হৈছে সকলো ব্যৱস্থা নীতিৰ। কৃষি, শিক্ষা, স্বাস্থ্য, কৰ ব্যৱস্থা, প্ৰশাসনীয় ব্যৱস্থা, বিত্তীয় ব্যৱস্থা আদি সকলো ব্যৱস্থাতেই পৰিৱৰ্তন হৈছে।

► পূৰ্বৰ খণ্ড পঢ়িবলৈ CLICK কৰক ►  ৰাজহুৱা সম্পদ ব্যক্তিগত কৰাৰ আঁচনি

বিশ্বায়নৰ উদাৰ অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য হ’ল কল্যাণমুখী দেশখনৰ সকলো ব্যৱস্থাকে বাণিজ্যৰ আওতালৈ অনা। সকলো ব্যৱস্থাতেই চৰকাৰী সেৱা সাহায্য কমাই তাৰ ঠাইত এক বাণিজ্যিক ব্যৱস্থা গঢ়ি তোলা। চৰকাৰী অথবা ৰাজহুৱা ব্যৱস্থাটোৰ ঠাইত ব্যক্তিগত মালিকানা ব্যৱস্থা এটা গঢ়ি তোলা। পৰ্যায়ক্ৰমে সকলো সেৱা ব্যৱস্থাতেই চৰকাৰী হস্তক্ষেপ অথবা চৰকাৰী দায়িত্ব কমাই অনা আৰু তাৰ ঠাইত ব্যক্তিগতখণ্ডৰ বাণিজ্যিক ব্যৱস্থাপনা গঢ়ি তোলা।

► পূৰ্বৰ খণ্ড পঢ়িবলৈ CLICK কৰক ►  ৰাজহুৱা সম্পদ ব্যক্তিগত কৰাৰ আঁচনি

ভাৰতবৰ্ষৰ নিচিনা এখন দেশত এই ব্যৱস্থাটোৱে জনসাধাৰণৰ ওপৰত এক ডাঙৰ মাধমাৰ শোধাইছে। জনসাধাৰণক চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰিছে। চৰকাৰৰ কল্যাণমুখী আঁচনি সমূহ বন্ধ কৰি দিছে আৰু জনসাধাৰণক ব্যক্তিগত বাণিজ্যৰ ব্যৱস্থাটোৰ মাজলৈ ঠেলি দিছে। 

বিশ্বায়নৰ প্ৰক্ৰিয়াৰ নব্য উদাৰবাদী অৰ্থনীতিৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা সেৱা ব্যৱস্থা দুটা হ’ল শিক্ষা আৰু স্বাস্থ্য। ১৯৯১ চনৰ পিছৰে পৰা শিক্ষা ব্যৱস্থাটো ক্ৰমাৎ চৰকাৰী খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত হৈছে। ঠিক তেনেদৰেই স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰতো চৰকাৰী চিকিৎসালয়ৰ ভূমিকা লাহে লাহে কমি আহিছে আৰু তাৰ ঠাইত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ভূমিকা বৃদ্ধি হৈছে।

► পূৰ্বৰ খণ্ড পঢ়িবলৈ CLICK কৰক ►  ৰাজহুৱা সম্পদ ব্যক্তিগত কৰাৰ আঁচনি

১৯৯১ চনপৰ পৰা ২০১৬ চনলৈ শিক্ষা ব্যৱস্থাৰ যিবিলাক পৰিৱৰ্তন হল সেই পৰিবৰ্তনৰ ফলশ্ৰুতিত চৰকাৰী শিক্ষা ব্যৱস্থাটো দুখ লগা ধৰণে ভাগি পৰিল আৰু তাৰ ঠাইত এটা ব্যক্তিগত বানিজ্যিক শিক্ষা ব্যৱস্থা গঢ়ি উঠিল৷ চৰকাৰী স্কুল বিলাকৰ অৱস্থা বেয়া হ’ল বুলি কোৱা হ’ল৷ ফলত জনসাধাৰণে চৰকাৰী বিনামূলীয়া শিক্ষা ব্যৱস্থাটোলৈ পিঠি দি ব্যক্তিগত বানিজ্যিক শিক্ষানুষ্ঠানলৈ আগ্ৰহী হৈ পৰিল৷ কিয় আৰু কেনেকৈ চৰকাৰী শিক্ষানুষ্ঠানসমূহ বেয়া হ’ল বা বেয়া কৰা হ’ল তাৰ এক দীঘলীয়া কাহিনী আছে৷ 

বিশ্বায়নৰ নব্য উদাৰবাদী অৰ্থনীতিৰ এক কাৰ্যসূচী হ’ল পি পি পি৷ অৰ্থাৎ পাব্লিক প্ৰাইভেট পাৰ্টানাৰশ্বিপ৷ অসমীয়ালৈ তৰ্জমা কৰিলে এই ব্যৱস্থাটোৰ অসমীয়া নাম হ’ব ‘ৰাজহুৱা ব্যক্তিগত অংশদাৰিত্ব’ অথবা ‘ৰাজহুৱা ব্যক্তিগত সহযোগিতা’৷ এই ব্যৱস্থাটোৰে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডক একাকাৰ কৰি দিব বিচৰা হৈছে৷

নব্য উদাৰবাদী অৰ্থনীতিৰ এইটো এটা ডাঙৰ ষড়যন্ত্ৰ৷ ইতিমধ্যে এই পি পি পি ব্যৱস্থাৰে বহু কাম কৰা হৈছে৷ সম্প্ৰতি শিক্ষাব্যৱস্থাত পি পি পি কাৰ্যসূচী জোৰদাৰ ভাবে চলিছে৷ শিক্ষকসকলক পি পি পি মাহাত্ম্য বুজোৱা হৈছে৷ পি পি পিৰ ফলত শিক্ষাৰ কি উন্নতি হ’ব সেই বিলাক কোৱা হৈছে৷ বহুতে পি পি পিৰ আচল লক্ষ্য আৰু উদ্দেশ্য বুজি উঠা নাই৷ কিন্তু কিবা ভাল হ’ব বুলি ভাবিছে৷

► পূৰ্বৰ খণ্ড পঢ়িবলৈ CLICK কৰক ►  ৰাজহুৱা সম্পদ ব্যক্তিগত কৰাৰ আঁচনি

দুই একে আকৌ সন্দেহো কৰিছে৷ সন্দেহৰ কাৰণ হ’ল এতিয়ালৈ চৰকাৰে যিমান বিলাক কাৰ্যসূচী হাতত লৈছে তাৰ পৰা চৰকাৰী ৰাজহুৱা শিক্ষাৰ একো লাভ হোৱা নাই, বৰং লোকচানহে হৈছে৷ গতিকেই এচাম সচেতন শিক্ষাবিদ তথা শিক্ষকে পি পি পিৰ অন্তৰ্নিহিত ৰহস্য আৰু প্ৰকৃত উদ্দেশ্য জানিব বিছাৰিছে৷ (ক্ৰমশঃ)