
ডিফুঃ দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষনীয় হৈ পৰিছে ১৮ নং লুম্বাজং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰ
৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিফুত লুম্বাজঙৰ বিজেপিৰ প্ৰাৰ্থী ৰতন টেৰণ আৰু ধনশিৰিৰ প্ৰাৰ্থী প্ৰদীপ ডিফুচাৰ হৈ ডিফুত প্ৰচাৰ চলাই যোৱাৰ পিছতেই আজি লুম্বাজং বিজেৰি প্ৰাৰ্থী তথা পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণৰ আৱাস গৃহত দলৰ কৰ্মী সমৰ্থকৰ সোঁত বয়৷
ৰতন টেৰণৰ গৃহত নিৰ্বাচনী পৰিস্থিতিৰ বুজ লবলৈ অহা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, ক্ষেত্ৰী আৰু থাওৰাৰ বিধায়ক ক্ৰমে নাৰায়ন ডেকা আৰু কুশল দুৱৰীৰ লগতে জনপ্ৰিয় কণ্ঠ শিল্পী কৃষ্ণ মনি চুতিয়াৰ উপস্থিতিত কংগ্ৰেছ, এইছডিচি আৰু নিৰ্দলীয় টিংক্ৰেং ৰংপিৰ সমৰ্থক সহ ১৩০ গৰাকী লোকে গেৰুৱা দল বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে৷
যোগদানৰ পিছত কৰ্মী সমৰ্থক সকলে লুম্বাজং সমষ্টিৰ প্ৰাৰ্থী ৰতন টেৰণ এগৰাকী স্বচ্ছ নিকা ভাৱমূৰ্তিৰ আৰু আদৰ্শৱান লোক হিচাপে বুজি পাইহে বিজেপিত যোগাদান কৰা বুলি মন্তব্য কৰে৷ সাংসদ ৰামেশ্বৰ তলীয়ে বোকাজানৰ ৬ টাকৈ সমষ্টিৰ লগতে ধনশিৰি আৰু লুম্বাজং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হ’ব বুলি কয়৷