ডিফুঃ সমগ্ৰ অসমত মঙলাবাৰে সন্ধিয়া ৫ বজাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ লগতে তিনি পাৰ্বত্য জিলাতো সামৰণি পৰিছে এই প্ৰচাৰৰ৷ আসন্ন লোক সভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন থকা অৱস্থাত ৩ নং স্বায়ত্ত শাসিত  জিলা ডিফু (অ: জ) লোকসভা সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ 

তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ বাবে বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী হৰেণ চিং বে'ৰ বাবে সোমবাৰে ডিফুত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ৰুপে প্ৰচাৰ চলাবলৈ আহি ডিফুৰ ৫ মাইলস্থিত চুতিয়ানলাৰ ছাই স্পৰ্টচ কমপ্লেক্সত বিজেপিৰ সমৰ্থকেৰে ঠাঁহ খাই পৰা নিৰ্বাচনী ৰেলীত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই সমৰ্থক তথা কাৰবি আংলং বাসীলৈ কাৰবি ভাষাৰে ৰঙালী বিহুৰ শুভেশ্চা জ্ঞাপন কৰে৷  

নিৰ্বাচনী সভাখনত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই পাৰ্বত্য জিলা তিনিখনৰ সমবিকাশ আৰু সমউন্নয়ণৰ বাবে ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৰেণচিং বে' ৰ বিজয় এশ শতাংশ নিশ্চিত বুলি ঘোষণা কৰে৷ কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কয় যে কংগ্ৰেছৰ সাংসদ বিৰেণছিং ইংতি সংসদত শুই বহিয়েই তেওঁ দীৰ্ঘ কাৰ্যকাল শেষ কৰিলে৷ পাহাৰৰ বাবে একোৱেই নকৰিলে৷ 

পুলৱামাকাণ্ডৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোদীৰ নিৰ্দেশ মৰ্মে পাকিস্তানৰ আভ্যন্তৰীণ ভাগত প্ৰৱেশ কৰি যুঁজাৰু বিমানেৰে ভাৰতীয় বায়ু সেনাই সন্ত্ৰাসবাদীৰ শিৱিৰ ধ্বংস কৰা কাৰ্যই শ্বহীদ জোৱান সকলৰ উচিত পুতক তুলিছে বুলি মন্তব্য কৰে৷ ইয়াৰোপৰি মন্ত্ৰী শৰ্মাই তিনি পাৰ্বত্য জিলাক লৈ দীৰ্ঘদিনীয়া স্বায়ত্ত ৰাজ্য আন্দোলনত শ্বহীদ বৰণ কৰা লোকৰ পৰিয়াল বৰ্গলৈ ১০ কোটি টকাৰ বিশেষ পেকেজৰ অধীনত প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত উন্নয়ণ মূলক আঁচনি সমূহৰ সফল ৰূপায়ণ কৰাক লৈ প্ৰশংসাৰে উপচায় পেলায়৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিধায়ক নোমল ম'মিন, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙেও মূল্যবান ভাষণ প্ৰদান কৰি প্ৰাৰ্থী হৰেণ চিং বে'ক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়৷ 

আনহাতে, উক্ত নিৰ্বাচনী ৰেলীত কংগ্ৰেছ, এএছডিচি আৰু নিৰ্দলীয় প্ৰায় ১০ সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰি আনুষ্ঠানিক ভাবে গেৰুৱা বসন বৰণ কৰে৷ সোমবাৰৰ ব্যস্ততম নিৰ্বাচনী প্ৰচাৰত ডিফু ,লামডিং কঠিয়াতলী আৰু পশ্চিম কাৰবি আংলঙতো মন্ত্ৰী শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই জনসাধাৰণৰ মাজত গেৰুৱা লহৰ বোৱাবলৈ সক্ষম হৈছে৷