♦ ডিফু নগৰ সমিতিত কংগ্ৰেছক 'হুৱাইট ৱাচ' কৰাৰ লক্ষ্যৰে বি জে পিৰ নিৰ্বাচনী প্ৰচাৰ

ডিফুঃ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ খনকৈ নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰৰ দেওবাৰে সন্ধিয়া সামৰণি পৰে৷

প্ৰায়বোৰ নগৰ সমিতিৰ নিৰ্বাচনত বি জে পি আৰু কংগ্ৰেছৰ মাজত মূল প্ৰতিদ্বন্দ্বিতাখন চলাৰ ছবিখন স্পষ্ট হৈ পৰিছে যদিও এইচ এছ ডি চি আৰু এ এছ ডি চি লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ মৰণপণ যুঁজ চলাইছে৷

আনহাতে শণিবাৰে ডিফু চহৰৰ মাজ-মজিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, দুৰ্লভ চমুৱা, সাংসদ বিৰেণ চিং ইংতিক লৈ হাই প্ৰফাইল প্ৰচাৰ চলাই বি জে পিক আক্ৰমণ কৰি বি জে পিক সাম্প্ৰদায়িক দল বুলি আখ্যা দিয়ে।

বি জে পিৰ স্বৰূপ তেওঁলোকে উদঙাই দিয়াৰ লগতে বি জে পিক ক্ষুৰধাৰ সালোচনা কৰে৷

ইফালে শাসকীয় বি জে পিয়ে নগৰ সমিতিসমূহত নিজ প্ৰাৰ্থীক জয়ী কৰাবলৈ  কাৰ্বি আংলং তথা ডিফু নগৰ সমিতিৰ নিৰ্বাচনত কংগ্ৰেছ দলক হুৱাইট ৱাচ কৰাৰ লক্ষ্য লৈ আজি ডিফুত বি জে পিৰ ষ্টাৰ কেম্পেইনাৰসকলে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অন্তিমটো নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত কৰে৷

প্ৰায় তিনি সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত ৯ খনকৈ কাৰ্বি আংলং নগৰ সমিতিৰ ভিতৰত গুৰুত্বপূৰ্ণ ডিফু নগৰ সমিতি ১৪টা ৱাৰ্ডৰ বি জে পিৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক উষ্ম সম্বৰ্ধনা জনায়৷

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ক্ৰমে, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ, বোকাজানৰ বিধায়ক নোমল ম'মিন,পূব কাৰ্বি আংলং জিলা বি জে পিৰ সভাপতি তথা ই এম ৰতন টেৰণৰ লগতে কেইবাগৰাকী ই এম আৰু দলীয় শীৰ্ষ নেতা-কৰ্মী উপস্থিত থাকে৷

সভাত বোকাজানৰ বিধায়ক ডঃ নোমল ম'মিনে কংগ্ৰেছ দলক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি কয় যে, কংগ্ৰেছ দল ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত দল৷ সেয়ে বি জে পিৰ সুশাসন আৰু উন্নয়ণৰ স্বাৰ্থত বি জে পিক বিপুল ভোটত জয়যুক্ত কৰাই কংগ্ৰেছ দলক কাৰ্বি আংলঙত হুৱাইট ৱাচ কৰিবলৈ আহ্বান জনায়৷

নিৰ্বাচনৰ শেষত আত্ম-সহায়ক গোটসমূহক প্ৰত্যক্ষভাৱে সহায় কৰি সক্ৰিয় কৰি তোলা হ'ব বুলি কয় বি জে পিয়ে৷

মুখ্য কাৰ্যবাহী সদস্য সদস্য তুলিৰাম ৰংহাঙে বি জে পিৰ সুশাসন 'সব কা সাথ সব কা বিকাশ' নীতি অনুসৰণ কৰি কাৰ্বি আংলঙত মন্ত্ৰীৰপৰা আৰম্ভ কৰি বিধায়ক, পৰিষদৰ কাৰ্যবাহী সদস্য, সদস্য, বিভাগীয় বিষয়া-কৰ্মী আৰু তৃণমূল কৰ্মীসকলক লগত লৈ টীম কাৰ্বি আংলং হিচাপে কাম কৰি ৯ খন নগৰ সমিতিৰ প্ৰতিটো ৱাৰ্ডত পকী পথ, ফুটপাথ ষ্ট্ৰীট লাইট, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে ৰেছন কাৰ্ড আৰু সা-সুবিধা আৰু উন্নয়ণমূলক কাম নিশ্চিতভাৱে কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

নিজৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বুলিও ভাষণত উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে৷ শাসনত নথকা দলে ৰাস্তা-ঘাট আৰু বিভিন্ন উন্নয়ণমূলক কাম কৰিব নোৱাৰে, সেয়ে জিলাখনৰ সৰ্বাংগীন উন্নয়ণ আৰু শান্তিৰ স্বাৰ্থত ৮ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া নগৰ সমিতি নিৰ্বাচনত ৰাইজে কংগ্ৰেছৰ অপশাসনক পুণৰবাৰ প্ৰত্যাখ্যান কৰি পদুম ফুলৰ চিহ্নত বি জে পিত ভোট দি প্ৰাৰ্থী সকলক জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷

মন্ত্ৰী ছুম ৰংহাঙে ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙৰ নেতৃত্বত ভূয়সী প্ৰদান কৰি কয় যে তুলিৰামৰ নেতৃত্বৰ প্ৰতি আস্থা ৰাখি ৰাইজে বি জে পি প্ৰাৰ্থীসকলক ভোটদানৰ কৰক৷

টিকট নোপোৱা একাংশ বি জে পি কৰ্মীৰ প্ৰৰোচনাত নপৰি ৰাইজে নিজৰ বহুমূলীয়া ভোট কেৱল উন্নয়ণৰ স্বাৰ্থত বি জে পি প্ৰাৰ্থীসকলক দিবলৈ অনুৰোধ জনায়৷

আনহাতে কংগ্ৰেছ ,এ এছ ডি চি, এইচ এছ ডি চি আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰতিটো ৱাৰ্ডত নিজৰ প্ৰাৰ্থী আৰু দলীয় সমৰ্থকসকলক লৈ বি জে পিৰ চমু ৫ বছৰীয়া শাসন কালতেই ৰাইজে পৃষ্ঠভংগ দিছে আৰু ৰাইজে বি জে পিৰ শাসনৰপৰা তিক্ত অভিজ্ঞতা লাভ কৰিছে বুলি প্ৰচাৰ কৰি ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷