Home ৰাজনীতিবিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

by News Desk
58 views
A+A-
Reset

ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ একাংশ বিজেপি আৰু কে এ ডি এফৰ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে৷ এইসকলৰ ভিতৰত জাকাছৰ প্ৰাক্তন নেতা তথা বিজেপি কৰ্মী বিজয় টেৰণ আৰু ৱাৰ্ড কমিচনাৰ ৰাজেন টেৰণো আছে৷ 
ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তথা অসমৰ পৰ্যৱেক্ষক হৰিশ ৰাৱত, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজিত সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি কংগ্ৰেছ নেতাসকল উপস্থত থাকে৷
মুখ্য অতিথিৰ ভাষণত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ দৰিদ্ৰ জনতাৰ পকেট উদং কৰি বহুজাতিক কোম্পানীক চহকী কৰিছে৷ পাহাৰীয়া জিলাখনত কংগ্ৰেছক সন্মুখৰপৰা নেতৃত্ব প্ৰদান কৰা সাংসদ বিৰেণ সিং ইংতিক প্ৰশংসা কৰাৰ লগতে জিলাখনত কংগ্ৰেছৰ পুণৰ শক্তিশালী কৰিবলৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে চাৰিগুণ উৎসাহেৰে কাম কৰাৰ আহ্বান জনায়৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দলৰ সাংগঠনিক দিশ শক্তিশালী কৰিব পৰা সকলো কিটিপ দলীয় কৰ্মীৰ আগত ব্যক্ত কৰে৷ ‘বিজেপি চৰকাৰ হিচাপ দিয়ক, জবাব দিয়ক’ শীৰ্ষক ১৫ টা প্ৰশ্নৰ এখন গোহাৰি মুকলি কৰে৷ জনতাৰ চকীদাৰ বুলি জাহিৰ কৰা নৰেন্দ্ ৰমোডীয়ে কংগ্ৰেছৰ দিনৰ দৰিদ্ৰৰ কল্যাণমূলক আঁচনিসমূহ বন্ধ কৰি, বিমুদ্ৰাকৰণৰ জৰিয়তে ৰাইজৰ টকা কাঢ়ি আম্বানীক ধনী কৰিছে বুলি অভিযোগ কৰে৷ ‘চকীদাৰ’ৰ দায়িত্ব লোৱা স্বত্ত্বেও বিজয় মালিয়া, ললিত মোডীৰ দৰে লোকে ভাৰতৰপৰা বৃহৎ পৰিমানৰ ধন লৈ কেনেকৈ উধাও হ’ব পাৰিছে বুলি প্ৰশ্ন কৰে৷
কংগ্ৰেছে পাহাৰীয়া জিলাখনত সকলো ধৰণৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু ২০১৯ত কংগ্ৰেছৰ হাত শক্তিশালী কৰি ৰাহুল গান্ধীক প্ৰধান মন্ত্ৰীৰ আসনত উপবিষ্ট কৰিবলৈ সংকল্প লোৱা বুলি তেওঁ মন্তব্য কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0