ডিফুঃ আসন্ন লোকসভা নিৰ্বাচন ২০১৯ত ১৮ নং হাওৰাঘাট আৰু ১৯ নং ডিফু বিধানসভা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত প্ৰয়োজন হোৱা ন্যূনতম সুবিধাৰ সনদৰ্ভত দেওবাৰে দুয়োটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী আঞ্চলিক আৰু ক্ষেত্ৰ বিষয়াসকলৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয় ৩ নং স্বায়ত্ত শাসিত জিলাৰ ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন আয়োগে নিযুক্তি দিয়া সাধাৰণ পৰ্যবেক্ষক আইএএছ বিষয়া ৰাজেশ সুকুমাৰ টপ্পই৷

সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে পৰ্যালোচনা সভাত উল্লিখিত দুয়োটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী আঞ্চলিক আৰু ক্ষেত্ৰ বিষয়াসকলক সংশ্লিষ্ট ভোট কেন্দ্ৰসমূহৰ প্ৰয়োজন হোৱা ন্যূনতম সুবিধাসমূহ ক্ৰমে, বাটপথ, খোৱাপানী, শৌচাগাৰ আৰু ভোটগ্ৰহণৰ দিনত কোনো বিঘিনি নোহোৱাকৈ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ভোটকেন্দ্ৰসমূহৰ আভ্যন্তৰিণ আৰু বাহ্যিক দিশৰ পোহৰৰ ব্যৱস্থা প্ৰদান কৰিবলৈ সম্ভাব্য কাৰ্যব্যৱস্থা প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে৷

সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে সংশ্লিষ্ট এলেকা দুটাৰ নিৰ্বাচনী আঞ্চলিক আৰু ক্ষেত্ৰ বিষয়াসকলে দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ ওপৰত এটা হিচাপৰ প্ৰতিবেদন যুগুত কৰাৰ লগতে যিবোৰ ভোটকেন্দ্ৰত প্ৰত্যক্ষ বিদ্যুতৰ ব্যৱস্থা নাই সেই কেন্দ্ৰসমূহত বিকল্প ব্যৱস্থা কৰিবলৈ কাৰ্বি আংলং জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াক অনুৰোধ জনায়৷

সাধাৰণ পৰ্যবেক্ষকগৰাকী ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে নিকা, স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে নিৰ্বাচনী আঞ্চলিক আৰু ক্ষেত্ৰ বিষয়াসকলক নিষ্ঠাৰে দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ 

আজিৰ পৰ্যালেচনা সভাত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, অতিৰিক্ত উপায়ুক্ত পৰিবহন কোষৰ নডেল বিষয়া হেমন্ত পেগু আৰু ডিফু নিৰ্বাচনী বিষয়া প্ৰিয়াংকুজ্যোতি শৰ্মা উপস্থিত থাকে৷