ডিফুঃ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৩নং স্বায়ত্ত শাসিত জিলা ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে সোমবাৰে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিৰপৰা ক্ৰমে বিৰেণচিং ইংতি আৰু হৰেণচিং বে’ই সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকক লগতলৈ হৰ্ষোল্লাসৰ মাজত প্ৰথম পৰ্যায়ত ডিফু উপায়ুক্ত কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰাৰ পাছত মঙলবাৰে দ্বিতীয় পৰ্যায়ত আন চাৰিগৰাকী প্ৰাৰ্থীয়েও নিজৰ নিজৰ মনোনয়ন দাখিল কৰে৷
আজিৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্বত ক্ৰমে অট’নমাছ ষ্টেট ডিমাণ্ড কমিটী চমুকৈ এএছডিচিৰ প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙ, অল পাৰ্টী হিলছ লীডাৰ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া জন ইংতি কাথাৰ, এনপিপিৰ লিএন কচন আৰু এপিএইচএলচিৰ প্ৰাৰ্থী ডেভিদ ৰংপিয়ে মনোনয়ন দাখিল কৰে৷