♦ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণেৰ কাৰ্বি আংলং আৰু ডিমাহাচাও এখন মিনি ৰাজ্য সদৃশঃ ৰাম মাধৱ

ডিফুঃ অসমৰ তিনি পাৰ্বত্য জিলা ক্ৰমে পূব আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওত বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণেৰে এখন মিনি ষ্টেট সদৃশ৷ এই মন্তব্য বিজেেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী ৰাম মাধৱৰ৷

দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ চুতীয়ানালা স্পৰ্টছ কমপ্লেক্সৰ খেল পথাৰত ৩ নং স্বায়ত্ত শাসিত জিলা ১৯ নং ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেণ চিং বে’ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে৷ 

নিৰ্বাচনী জনসভা সম্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে কয় যে বিজেপিৰ আমোলত ১৯ নং ডিফু (জনজাতি) লোকসভা সমষ্টিটোত কংগ্ৰেছৰ সাংসদ থকাৰ পাছতো পাৰ্বত্য জিলাখনলৈ সহমৰ্মিতা থকাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ গুৰুত্ব দি জিলাখনত উন্নয়ণ সাধন কৰিছে৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰে পাৰ্বত্য জিলাখনলৈ এতিয়াৰপৰা প্ৰত্যক্ষভাৱে পুঁজি প্ৰদানৰ ব্যৱস্থা কৰি জিলাখনলৈ অধিক ক্ষমতা হস্তান্তৰ কৰিছে বুলি কয়৷ এসপ্তাহৰ পূৰ্বে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন সঁজাতি দলটোৱে দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ২৪৪ (ক) সুবিধা অনুসৰি এখন স্বায়ত্ত ৰাজ্য দাবীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰভাবে লৈ ইয়াক বিবেচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে৷

কংগ্ৰেছৰ আমোলত ১৯৭২ চনৰপৰাই পাৰ্বত্য জিলা তিনিখনত বিৰেণ চিং ইংতি সাংসদ হৈ থাকোঁতে উন্নয়ণ এক প্ৰকাৰ স্থবিৰ হৈ পৰিছিল যদিও বিজেপিয়ে পুণৰ জিলা তিনিখনত উন্নয়ণৰ ধাৰা প্ৰবাহিত কৰিছে৷ আনহাতে কংগ্ৰেছ দলক কটাক্ষ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱে কয়, কংগ্ৰেছ দলে বিজেপিৰ সৈতে প্ৰত্যক্ষ প্ৰতিদ্বন্ধিতা কৰিবলৈ অক্ষম হৈ এআইইউডিএফ দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ’ব খুজিছে যদিও বদৰুদ্দিন আজমলৰ এআইইউডিএফ দল এতিয়া ডুবন্ত নাও, কংগ্ৰেছক লৈ একেলগে ডুবিব৷

সেয়ে ১৯ নং ডিফু (জনজাতি) লোকসভা সমষ্টিটোৰ ভোটাৰ ৰাইজে পূৰ্বৰ সাংসদ বিৰেণচিঙক প্ৰত্যখান কৰি যুৱনেতা হৰেণ চিং বে’ক পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে ৰাজ্যত লালীগুড়ৰ ওপৰত লগোৱা নিষেধাজ্ঞাক লৈ কুঁহিয়াৰ খেতিয়কসকল বিপাঙত পৰাক লৈ মন্তব্য আবঢ়াই ৰাম মাধবে কয় যে ইয়াক লৈ ৰাজ্য চৰকাৰে তদন্ত চলাই আছে৷ চুলাই খাই মৃত্যু বৰণ কৰা লোকৰ অন্তৰালত কেৱল লালীগুড় নহৈ অন্য কাৰণো থাকিব পাৰে। অতি শীঘ্ৰে এই সমস্যাৰ সমাধান কৰা হ’ব বুলি ৰাম মাধৱে নিজৰ ভাষণত উল্লেখ কৰে৷

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি কয় যে তেওঁলোকৰ বাবে আজি কাৰ্বি আংলঙৰ চুকে-কোণো সৰ্বদিশত বিকাশ সম্ভব হৈছে৷ ২৪৪ (ক) অনুসৰি ৰাজ্যৰ ভিতৰতে এখন ৰাজ্য গঠন কৰি এখন বৰ অসমৰ গঢ়িব লাগে বুলি দাবী কৰাৰ লগতে কাৰ্বি আংলঙৰ নিবনুৱা যুৱক-যুৱতীসকলৰ সংস্থাপন আৰু উন্নয়ণমূলক কাম-কাজৰ স্বাৰ্থত এইবাৰ ৰাইজক ১৯ নং ডিফু লোকসভা (জনজাতি) সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হৰেণ চিং বে’ক জয়যুক্ত কৰাবলৈ অনুৰোধ জনায়৷ 

আনহাতে বিজেপিৰ নিৰ্বাচনী জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সচিব তথা অসমৰ সাংসদ ৰমেন ডেকা, স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, কাৰ্যবাহী সদস্য, সদস্য, বিধায়কদ্বয় ডঃ মানচিং ৰংপি আৰু ডঃ নোমল ম’মিন, প্ৰাৰ্থী হৰেণ চিং বে’কে ধৰি বিজেপিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে৷

ইফালে জনসভাত ৰাষ্ট্ৰীয় সাধাৰণ ৰাম মাধৱৰ উপস্থিতিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙৰ নেতৃত্বত তেওঁৰ পত্নী, পুত্ৰ ক্ৰমে কুন্তিলা ৰংহাঙপী আৰু ৰুকাচেন ইংলেঙৰ লগতে বিভিন্ন ঠাইৰপৰা প্ৰায় ৫ শতাধিক কংগ্ৰেছ কৰ্মী আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে বুলি পূব কাৰ্বি আংলং বিজেপিৰ সাধাৰণ সম্পাদক অজিত দে’ই জানিবলৈ দিয়ে৷