newsnextone.com | ওদালগুৰিঃ কাৰ্বি আংলঙৰ ডকমকাত দুই যুৱকৰ হত্যা কাণ্ডই সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত তথা বিভিন্ন দেশত ইয়াৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। হত্যাকাণ্ডক ৰাজ্যৰ শিল্পী সমাজে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি দুয়োজন নিৰপৰাধী যুৱকৰ হত্যাকাণ্ডৰ ন্যায় তথা অভিযুক্তক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে। তেনে সময়তে এই জঘন্য কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰখ্যাত চিত্ৰ আৰু ভাস্কৰ্য শিল্পী তথা ওদালগুৰি আৰ্টিষ্ট ভিলেজৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্মই। 

ৰবিৰাম ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে এই ঘটনাটো অতি নিন্দনীয় আৰু গৰিহনাৰ যোগ্য। নিলোৎপল-অভিজিৎ হত্যাকাণ্ড সংস্কৃতিৰ বাবে ভাবুকিস্বৰূপ। দুয়ো আছিল প্ৰকৃতিপ্ৰেমী তথা সংস্কৃতিৱান যুৱক। সকলো লোকক সৰল মনেৰে চাই বিশ্বাসত লোৱাটোৱেই তেওঁলোকৰ বাবে কাল হৈ পৰিল। ইফালে কাৰ্বি আংলঙৰ সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকাৰ কথা ব্যক্ত কৰি শিল্পীগৰাকীয়ে কয় যে কাৰ্বি লোকসকল অতি সহজ-সৰল প্ৰকৃতিৰ লোক। তেনে এখন ঠাইত দুজন অসমীয়া যুৱকক আক্ৰমণ কৰি থকাৰ সময়ত কোনো লোকে বাধা দিবলৈ নোযোৱাটো এক চিন্তাৰ বিষয় বুলি কয় বিশিষ্ট শিল্পীগৰাকীয়ে। 

ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকীলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে অনুৰোধ জনায় সকলো পক্ষকে। ইফালে ঘটনাৰ পাছত বিভিন্ন সময়ত প্ৰকাশ পোৱা উৰাবাতৰিত বিশ্বাস নকৰি সুস্থ মগজুৰে সকলোকে বিচাৰ কৰি চাবলৈ অনুৰোধ জনাই শিল্পীগৰাকীয়ে। শেহতীয়াকৈ ৰাজ্যত সংঘটিত কিছুমান ঘটনাই শান্তি বিনষ্ট কৰা বুলি কৈ শিল্পীগৰাকীয়ে এটি চিত্ৰৰ সহায়ত সাংবাদিকৰ আগত দেখুৱাই দিয়ে। তেওঁ এটি কপৌ চৰাইক শৰবিদ্ধ কৰা চিত্ৰ অংকনেৰে ৰাজ্যৰ শান্তি বিঘ্নিত কৰা ঘটনাসমূহৰ প্ৰতিবাদ জনায়।