#হিকটি বা হেঁকটিৰ অভিজ্ঞতা নথকা মানুহ বিশ্বত বিৰল ৷ শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা আটাইৰে জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা হিকটিৰ অনুভৱ হোৱাটো এক স্বাভাৱিক পৰিঘটনা ৷ হাঁচি আৰু কাহৰ উপকাৰিতা থকাৰ বিপৰীতে হিকটিৰ কিন্তু কোনো উপকাৰিতা নাই ৷ দেখা যায় মহিলাৰ তুলনাত পুৰুষৰ হিকটি বেচিকৈ আহে ৷

সাধাৰণতে দিনটোৰ বিয়লি ভাগত হিকটি বেচিকৈ আহে ৷ আমাৰ অসমীয়া লোক বিশ্বাসমতে হিকটি আৰু চৰ্চৰণি মানুহজনক কোনোবাই আতৰৰ পৰা স্মৰণ কৰিলে আহে ৷ প্ৰকৃততে হিকটি কিয় আহে, হিকটিৰ পৰা হোৱা অসুবিধা কি আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব - তাকে আজি আলোচনা কৰিব ওলাইছোঁ ৷ 

 পাঠকসকলে শুনি আমোদ পাব আমেৰিকাৰ আয়ৱা প্ৰদেশৰ এন্থন চহৰত ১৮৯৪চনত জন্মা চাৰ্লচ অচবৰ্ণ নামৰ ব্যক্তি এজনে একেলেথাৰিয়ে ৬৮ বছৰ হিকটি মৰাৰ বিশ্বৰেকৰ্ড গঢ়ি থৈছে ৷ গিনিজ বুকৰ তথ্যমতে আৰম্ভণিৰ কেইবাটাও দশকলৈ মিনিটত ৪০টা হিকটি মাৰিছিল আৰু জীৱনৰ অন্তিম সময়ত মিনিটত ২০টাকৈ হিকটি মাৰি গৈছিল ৷ ১৯৯১চনত প্ৰয়াণ কৰা চাৰ্লচ অচবৰ্ণৰ ওপৰত প্ৰয়োগ কৰা সকলো চিকিৎসা ব্যৰ্থ হৈছিল ৷


 কম সময়ৰ বাবে অহা হিকটিৰ একো অপকাৰিতা নাই ৷ বহুতৰ ক্ষেত্ৰত হিকটি নিজে নিজেই বন্ধ হয়৷ কিন্তু কোনো কোনো ব্যক্তিৰ দুদিন বা সপ্তাহৰো অধিক সময়যুৰি হিকটি আহি থাকে ৷ তেনেলোকে গভীৰ অস্বস্তি আৰু লোকলজ্জাত ভোগে ৷ নিজে নিজে নাইবা সাধাৰণ ঘৰুৱা প্ৰয়াসৰ যোগেদি হিকটি বন্ধ নহলে সেই ব্যক্তিজনে চিকিৎসকৰ ওচৰ চপা উচিত ৷

সাধাৰণতে জৰুৰীকালীন চিকিৎসক, কাণ-নাক-ডিঙিৰ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ, বক্ষৰোগ বিশেষজ্ঞই হিকটিৰ চিকিৎসা আগবঢ়ায় যদিও প্ৰয়োজনসাপেক্ষে মনোৰোগ বিশেষজ্ঞ আৰু চাৰ্জনৰো সহায়ৰ আৱশ্যকতা পৰিব পাৰে ৷

হিকটিনো কি ? হিকটি হ'ল ডিঙিৰ পৰা উৎপন্ন হোৱা ছুটি আৰু তীক্ষ্ণ শব্দ - ইয়াৰ সৃষ্টি হয় ডায়েফ্ৰামত আকস্মিক সংকোচন হলে বায়ুনলীৰ (ট্ৰেকিয়া) উৰ্ধাংশত অৱস্থিত শ্বাসৰন্ধ্ৰ (গ্ল'টিছ) জাপ খাই যোৱাৰ ফলত ৷ ডায়েফ্ৰাম হ'ল হাওঁফাওঁৰ তলৰ সেই মাংসপেশী যি নিশ্বাস লোৱাত আমাক সহায় কৰে ৷ ডায়েফ্ৰামৰ লগত সংলগ্ন থকা নাৰ্ভডালৰ নাম হ'ল ফ্ৰেনিক নাৰ্ভ ৷ হিকটি হ'ল এবিধ ৰিফ্লেস্ক প্ৰক্ৰিয়া - অৰ্থাৎ এবিধ স্বয়ংক্ৰিয় (অট'মেটিক) ক্ৰিয়া যাক মানুহে নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷

 হিকটি অহাৰ সৰু-ডাঙৰ কাৰণ কিছুমান তলত উল্লেখ কৰিলোঁ ঃ
খৰখৰকৈ বেচি মাত্ৰাত ভোজন কৰিলে, মদ্যপাণ, ধূম্ৰপাণ, আকস্মিক গৰম আৰু শীতল পানীয় ওপৰা-ওপৰিকৈ গ্ৰহণ কৰিলে, গেছযুক্ত পানীয় সেৱন কৰিলে হিকটি অহা দেখা যায় ৷ পুৱাই খালি পেটত তীব্ৰ জ্বলা বা চোকা টেঙা খালেও হিকটি আহে৷ মনৰ আকস্মিক ষ্ট্ৰেচ, উদ্বিগ্নতা, উত্তেজনাও হিকটি অহাৰ কাৰণ হব পাৰে ৷

-পাক প্ৰণালীৰ লগত জড়িত হিকটি অহাৰ কাৰণ হ'ল- গেষ্ট্ৰ'ইছফেজিয়েল ৰিফ্লাস্ক ডিজিজ, ডিউডিনেল আলচাৰ, এপেণ্ডিচাইটিচ, পিত্ত আৰু লিভাৰৰ অসুখ, ইৰিটেবল বাৱেল চিনড্ৰম, ইনটেষ্টাইনেল বাৱেল অবষ্ট্ৰাকচন ইত্যাদি৷

মূত্ৰ প্ৰণালী আৰু জননাংগৰ লগত জড়িত হিকটি অহাৰ কাৰণ হ'ল- কিডনিৰ টিউমাৰ, কিডনিত পূঁজ হোৱা, কিডনি বিকল হোৱা, প্ৰষ্টেটৰ টিউমাৰ হোৱা আদি৷

- কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অসুখ যেনে ষ্ট্ৰোক, টিউমাৰ, মস্তিস্কৰ আঘাট - সংক্ৰমণ, মাল্টিপল স্ক'ৰেচিচ আদি৷
- ডায়েফ্ৰামৰ লগত জড়িত কাৰণ যেনে হায়েটাচ হাৰ্ণিয়া, চাবফ্ৰেনিক এবচেচ
- ভেগাচ নাৰ্ভৰ উত্তেজনাৰ লগত জড়িত কাৰণ যেনে টিউমাৰ, গ'য়টাৰ, গ্লোক'মা, মেনিনজাইটিচ
-হূদৰোগ যেনে মায়’কাৰ্ডিয়েল ইচকেমিয়া, এৰিথমিয়া, পেৰিকাৰ্ডাইটিচ, এঅৰৰ্টিক এনুৰিজম আদি ৷
- ডিঙিৰ অসুখ যেনে টনচিলাইিচ,ফেৰিনজাইটিচ, লেৰিনজাইটিচ
-বুকুৰ অসুখ নিউমোনিয়া, প্লুৰাইটিচ, টিউমাৰ আদি

- মেটাবলিক - তেজত চুগাৰৰ পৰিমাণ কমি বা বাঢ়ি যোৱা, তেজত ইউৰিয়া বাঢ়ি যোৱা, তেজত চডিয়াম কমি যোৱা, তেজত পটেচিয়াম কমি যোৱা, তেজত কেলচিয়ামৰ তাৰতম্য হোৱা ৷
- দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলস্বৰূপে ৷ উদাহৰণ- মিথাইলডোপা, মৰফিন, ডেক্সামিথাচন, বিষনাষক দৰব, ট্ৰেংকুইলাইজাৰ (ডায়েজেপাম, ল'ৰাজেপাম, এলপ্ৰাজলাম ), নিকটিন, অনডেনচেট্ৰন, জেনেৰেল এনাচথেচিয়া আদি ৷
- কিছুমান অপাৰেচন পিছত
- চাৰকোইডোচিচ ৰোগত
- মানসিক ৰোগ
 

হিকটিৰ ফলত হব পৰা জটিলতা : - অৱসাদ, শাৰীৰিক দুৰ্বলতা, নিদ্ৰাহীনতা, মানসিক চাপ, দু:শ্চিন্তা , শৰীৰৰ ওজন হ্ৰাস হোৱা আদি ৷ তদুপৰি শৰীৰত কোনো অস্ত্ৰোপচাৰৰ ঘা থাকিলে সেয়া শুকোৱাত বিলম্ব হোৱা দেখা যায় ৷

 হিকটিৰ কাৰণ চিনাক্তকৰণৰ বাবে ৰোগীৰ বিতং হিষ্ট্ৰী চিকিৎসকে লোৱাটো লাগতিয়াল ৷ চিকিৎসকৰ মতে কমেও এশ বিধ ৰোগৰ পৰিণামস্বৰূপে হিকটি আহিব পাৰে ৷ সেইমতেই ৰোগীৰ যাবতীয় লেবৰেটৰী পৰীক্ষা-নিৰীক্ষাত অগ্ৰসৰ হব লাগিব ৷ বুকুৰ এক্সৰে, ইচিজি, তেজ-প্ৰসাবৰ নানান পৰীক্ষাৰ পৰা আৰম্ভ কৰি প্ৰয়োজন সাপেক্ষে আলট্ৰাচাউণ্ড, চিটি স্কেন, এম আৰ আই, ব্ৰংকোস্কোপী,কলন'স্কোপী আদি যাবতীয় পৰীক্ষা কৰাৰ প্ৰয়োজন হব পাৰে ৷

হিকটিৰ প্ৰাথমিক চিকিৎসাঃ
নানান প্ৰাথমিক চিকিৎসাৰ কম-বেচি পৰিমাণৰ উপযোগিতা দেখা যায় ৷ তাৰ ভিতৰত ভয়-ভীতি প্ৰদৰ্শন, মনোযোগ আনপিনে আকৰ্ষিত কৰা, আচৰিত কৰিবলৈ প্ৰয়াস কৰা আদিও সন্নিবিষ্ট ৷ কিছুমান ব্যায়াম কৰিলে মগজুলৈ অক্সিজেন কমকৈ যাব,যাৰ ফলত ডায়েফ্ৰাম শিথিলহৈ পৰিলে হিকটি বন্ধ হব ৷ গুৰুতৰ কাৰণ নথকা হিকটিৰ উপশমৰ বাবে দীঘলীয়াকৈ উশাহ টানি লৈ ১০-১৫ ছেকেণ্ডমান ধৰি ৰাখিব লাগে। এনেদৰে কেইবাৰমান কৰিলে হিকটিৰ উপশম ঘটে ।

হিকটি আহিলে ব্যক্তিজনে পৰাপক্ষত ভীৰৰ পৰা আতৰি একান্তলৈ আহিব লাগে আৰু আন কথালৈ মনোযোগ দিবৰ চেষ্টা কৰিব লাগে ৷ ৷ 'ভালচালভা' পদ্ধতিত নাক আৰু ডিঙিৰ বন্ধ অৱস্থাত বায়ু বাহিৰ কৰিবলৈ প্ৰয়াস কৰা হয় ৷ বহুতে নাক-কাণ একেলগে বন্ধ কৰি পানী গিলাৰ চেষ্টা কৰিও সুফল পায় ৷

বৰফ-শীতল পানী লাহে লাহে খালে; আদাৰ ৰস; ইলাচী উতলোৱা পানী; নিমখীয় দৈৰ ঘোল; মৌজোল; নেমু-পদীনাৰ ৰস; চেনিমিহলি মাখন; মাখনৰ সৈতে বাদাম; ভিনেগাৰ বা নেমু চোবালে -এইবিলাকৰ সেৱন কৰি কোনো কোনোজন উপকৃত হয় ৷ আকৌ নিজৰ হাতৰ আঙুলিক খুব জোৰেৰে চেপি ধৰিলেও কেতিয়াবা হিকটি বন্ধ হয় ৷

বহুতে একান্তলৈ গৈ ভালেপৰ সময় জিভাখন বাহিৰলৈ ওলিয়াই থয় আৰু এটা সময়ত হিকটি বন্ধ হয় ৷ আঠুকেইটা বুকুলৈকে চপাই মূৰটো সন্মুখলৈ হাওলালে হিকটি বন্ধ হোৱা দেখা যায় ৷ বহুলোকে বন্ধ প্লাষ্টিকৰ বা কাগজৰ ঠোঙাৰ ভিতৰত উশাহ লয় - এনে কৰিলে মগজুলৈ কমকৈ অক্সিজেন যায়, যাৰ ফলত ডায়েফ্ৰাম শিথিল পৰি যায় আৰু হিকটিৰ উপশম ঘটে৷

 উল্লেখিত পদ্ধতিত সফল নহলে চিকিৎসকে নিম্নলিখিত দৰবসমূহৰ প্ৰয়োগ কৰে - হেল'পেৰিডল, ক্লৰ'পমাজিন, ডমপেৰিডন,মেটক্লপামাইড, অমিপ্ৰাজল,ৰেনিটিডিন, গাবাপেন্টিন, বেক্লফেন, মিডাজলাম, কেটামিন ইত্যাদি৷ 

একোপ্ৰেচাৰ আৰু হিপ্নথিৰাপি কিছুমান ৰোগীৰ ক্ষেত্ৰত ফলপ্ৰসু দেখা গৈছে ৷ আকৌ কিছুমানৰ লোকেল এনাচথেচিয়াৰ প্ৰয়োগ কৰি ফ্ৰেনিক নাৰ্ভ ব্লক কৰিহে হিকটিৰ উপশম ঘটাবলগীয়া হয় ৷ এই ক্ষেত্ৰত ভীষণ সতৰ্কতাৰ প্ৰয়োজন, কিয়নো ফ্ৰেনিক নাৰ্ভ শ্বাস-প্ৰস্বাস চলাই ৰাখিবলৈ অপৰিহাৰ্য্য ৷

মোখনিত ইমানেই কমযে সাৱধানৰ মৰণ নাই ৷ বাৰম্বাৰ দীৰ্ঘ সময়ৰ বাবে হিকটিত আক্ৰান্ত হোৱা ব্যক্তিয়ে অভিজ্ঞ চিকিৎসকৰ হতুৱাই নিজৰ শৰীৰটো পৰীক্ষা কৰাই লোৱাটো সৰ্বথা মংগলজনক ৷

ডা০ ভূপেন শইকীয়া
ৰচনাকাল : ৯ জুলাই, ২০১৬
ডোহা, কাটাৰৰ পৰা
ম'বাইল আৰু ৱাটচএপ +৯৭৪ ৩৩৭৩৮৭২২
Email - drbksaikia@gmail.com
বেৱচাইট www.drbhupensaikia.com