ডিজিটেল ডেস্কঃ ড্ৰাগছৰ নিছাত আসক্ত অজগৰ৷ মানুহে ড্ৰাগছ লয়, সেয়া সকলোৱে জনা কথা। কিন্তু অজগৰো যে ড্ৰাগছ আসক্ত হ’ব পাৰে সেয়া আমাৰ বাবে সপোনৰো অগোচৰ হোৱাতোৱেই স্বাভাৱিক।

পিছে, এনে এক আজৱ ঘটনা সংঘটিত  হৈছে অষ্ট্ৰেলিয়াত৷ অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে অৰ্হনিশে ড্ৰাগছৰ ৰাগীত ডুবি থকা এটা অজগৰক৷

বিগত বৰ্ষত এটা ড্ৰাগছৰ কাৰখানাত অভিযান চলাওতেই ৬ফুট দীঘল এই সাপটোক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷ উদ্ধাৰৰ পিছত সাপটোৰ গতি বিধিতেই আৰক্ষীয়ে গম পাইছিল ড্ৰাগছ আসক্তিৰ কথা।

খুবেই আক্ৰমণাত্মক উক্ত সাপটোক নিচাৰ পৰা মুক্ত কৰিবলৈ থোৱা হৈছিল এখন জেলত৷ প্ৰকৃতি সুৰক্ষা আঁচনিৰ অধীনত জেইলত সাপটোক চোৱা-চিতাৰ দায়িত্ব দিয়া হয় ১৪জনকৈ বিশেষ কয়দীক।

সম্পুৰ্ণ ৭ মাহৰ পিছত এতিয়া অজগৰটো কিছু পৰিমানে সুস্থ হৈ পৰা দেখা গৈছে ৷ আগৰ আক্ৰমণাত্মক স্বভাৱৰ তুলনাত এতিয়া যথেষ্ট সুস্থিৰ হৈ পৰিছে ড্ৰাগছ আগক্ত অজগৰটো৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ড্ৰাগছ চোৱা-চিতা কৰিবলৈ বহু অপৰাধীয়ে সৰ্পৰ সহায় লৈ আহিছে৷ এনে সাপবোৰৰ মাজৰে এটা হৈছে উক্ত অজগৰটো৷ সম্পূৰ্ণ ভাৱে সুস্থ হ’লেই অজগৰটোক নতুন এখন ঘৰলৈ পঠিওৱা হ’ব বুলিও সদৰী কৰিছে আৰক্ষীয়ে৷