ডিজিটেল ডেস্কঃ ইচ্ছা শক্তিৰ জোৰত মানুহে কৰিব নোৱাৰা কাম একো নাই। তাতে আৰু যদি কোনো বিশ্ব ৰেকৰ্ড গঢ়াৰ কথা আহে। মনৰ প্ৰৱল ইচ্ছা শক্তিকেই দেখুৱাই সত্য প্ৰমাণ কৰিলে ডুবাই আৰক্ষীয়ে৷ ডুবাই সু-স্বাস্থ্যৰ প্ৰত্যাহবানত এক অনন্য ৰেকর্ড গড়ে ডুবাই আৰক্ষী কর্মীয়ে।
এদল আৰক্ষী কর্মীয়ে ১০০ মিটাৰ দূৰত্ব পর্যন্ত টানি নিয়ে ৩০২.৬৮ টন ওজনৰ এয়াৰবাছ A-380 খন। ইয়াৰ পুৰ্বে খালি হাতেৰে এয়াৰবাছ টনাৰ ৰেকর্ড আছিল হংকঙৰ। সেই সময়ত ১০০ জন মানুহে মিলি টানি নিছিল ২১৮.৫৬ টন ওজনৰ এয়াৰবাছ এখন।