66
বটদ্ৰৱাঃ ৰাইজৰ ৰোষত দুলীয়াজানৰ বিজেপিৰ বিধায়ক তেৰছ গোৱালা। বিধায়ক গোৱালা শুকুৰবাৰে ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী মূঢ়ানি আমগুৰিলৈ প্ৰচাৰৰ বাবে গৈছিল ৷
নিৰ্বাচনী প্ৰচাৰ সভাতে ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত তেৰছ গোৱালাৰ স্থিতি স্পষ্ট কৰিবলৈ কয়৷ বিধায়ক গোৱালাই ‘দলৰ স্থিতিয়ে মোৰ স্থিতি’ অৰ্থাৎ বিধেয়কৰ সপক্ষে মত ব্যক্ত কৰে৷ লগে লগে উপস্থিত ৰাইজৰ ৰোষত পৰে বিজেপিৰ বিধায়কজন৷