দুলীয়াজানঃ বৃহস্পতিবাৰে পুৱাৰে পৰা দুলীয়াজান বিহুতলি প্ৰাঙ্গনত টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত উলহ মালহেৰে মে-ডাম-মে-ফী  অনুষ্ঠান আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত বিভিন্ন ধৰণৰ জাতি-উপজাতি একত্ৰিত হৈ এক বন্ধুত্ব ভাৱেৰে এই অনুষ্ঠান ভাগি সফল ৰূপায়ন কৰা পৰিলক্ষিত হোৱা দেখা গৈছে।

মে-ডাম-মে-ফী হ’ল টাই-আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে মৃতক আৰু ফী মানে হ’ল দেও বা দেৱতা৷ এই উৎসৱত আহোম সকলে পিতৃ পুৰুষক পূজা কৰি সমাজ তথা দেশৰ মংগলৰ বাবে আশীষ বিচাৰে৷