গুৱাহাটীঃ বিজেপিৰ এজেণ্ডা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ জিংগা লালা নৃত্য বুলি বিবেচিত হৈছে। পল্লৱ লোচনৰ অমাৰ্জিত ব্যৱহাৰ, ৰমাকান্ত দেউৰীৰ অশ্লীল ভাষণ বিজেপিৰ এজেণ্ডা।
গুৰুত্বপূৰ্ণ ইছ্যুসমূহ এৰাই চলিছে বিজেপিয়ে। সংবাদমেলত এই মন্তব্য APCCৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ। লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে দুৰ্গা দাস বড়োৱে। এই ঘটনাৰ লগত ভূবন পেগু আৰু প্ৰদান বৰুৱা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ যদি সাহস আছে তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবনে নানে প্ৰতিখন ৰাজহুৱা সভাত স্পষ্ট কৰক বুলিও মন্তব্য কৰে বড়োৱে।