newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই ভূমিকম্পই কঁপালে জাপানক৷ ৫.৯ ৰিখটাৰ স্কেলত হোৱা ভূমিকম্পত এতিয়ালৈ ৩গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত হৈছে প্ৰায় ১০০গৰাকী লোক৷ সোমবাৰে পুৱাই ৭বাজি ৫৮ মিনিটত তীব্ৰ জোকাৰণি মাৰে জাপানৰ ওচকাত৷ ফলত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘৰৰ পৰা মানুহ ৰাজপথলৈ ওলাই আহে৷
ওচকাত ভূমিকম্পৰ জোকাৰণিৰ প্ৰভাৱ বেছিকৈ পৰে৷ ওচকা প্ৰদেশৰ হনচু দ্বীপৰ পৰা ১৩ কিঃ মিঃ নিলগৰ আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ৷ ওচকা চহৰত বহু পথ ফাট মেলাৰ লগতে কেইবাটাও ঘৰ ভাঙি পৰে৷ অগ্নিকাণ্ডও সংঘটিত হয়৷ বিদ্যুৎৰ সংযোগ ব্যাহত হয়৷ ৰাজপথত পানী ভৰি পৰাত হাহাকাৰ লাগে৷