নগাঁওঃ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁও জিলাটো বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ মাজত ব্যাপক তৎপৰতা চলিছে ৷ আনকি প্ৰাৰ্থীসকলে সমৰ্থকসমূহক লৈ চলোৱা অবিৰত প্ৰচাৰ অভিযানে জিলাখনৰ সকলো গ্ৰামাঞ্চলৰ পৰিবেশ উৎসৱ মুখৰ কৰি তুলিছে ৷ উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত আসন সংৰক্ষণ ব্যৱস্থাই বহু সংখ্যক পুৰুষ প্ৰাৰ্থীৰ আশাত চেঁচা পানী পেলায় ৷ বিভিন্ন দলৰ হৈ সেৱা আগবঢ়াই অহা একাংশ পুৰুষ প্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত নিজৰ নিজৰ পঞ্চায়ত এলেকাৰ পৰা অৱৰ্তীণ হোৱাৰ আশাৰে কুছ-কাৱাজ চলাই আছিল যদিও মূৰকত সংৰক্ষণ ব্যৱস্থাৰ কৱলত পৰি এইসকল পুৰুষ নিৰ্বাচন খেলাৰ পৰা বঞ্চিত হ’বলগীয়াত পৰে৷ কিন্তু এইসকল বিফল প্ৰাৰ্থী নিৰাশ নহৈ নিজৰ নিজৰ পত্নী,ভগ্নী,ভতিজা সকলকে তেওঁলোকৰ হৈ নিৰ্বাচন যুঁজৰ বাবে প্ৰক্ষেপ কৰছে, অথবা নিৰ্দলীয়ভাবে হ’লেও প্ৰক্ষেপ কৰিছে ৷ যাৰ পৰিণতিত সম্প্ৰতি প্ৰতিখন গ্ৰামাঞ্চলতে দেখা গৈছে সমাজসেৱাৰ কাৰণে ওলাই অহা মহিলা সকলৰ নিৰ্বাচনী প্ৰচাৰৰ চৰম ব্যস্ততাপূৰ্ণ দৃশ্য ৷