আজি দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষনা কৰা হ’ব 
মিজোৰাম,ৰাজস্থান ছত্তিশগড় আৰু তেলেঙ্গানাত নিৰ্বাচন অনুষ্ঠিত হ’ব

newsnextoneনতুন দিল্লী ৬অক্টোৱৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগে দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ আজি ঘোষনা কৰিব৷দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ওমপ্ৰকাশ ৰাৱাটে মিজোৰাম,ৰাজস্থান ছত্তিশগড় আৰু তেলেঙ্গানা এই চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষনা কৰিব বুলি জানিব পৰা গৈছে৷

নির্বাচনৰ দিন ঘোষণাৰ লগে লগে এই ৰাজ্যসমুহত নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ যাব৷৷ইফালে নিৰ্বাচনৰ দিন ওচৰচাপি অহাৰ লগে লগে দেশৰ ৰাজনৈতিক দলবিলাকে তেঁওলোকৰ তৎপৰতা বৃদ্ধি কৰা দেখা গৈছে৷

দেশৰ সকলোবোৰ ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰি দিছে৷ উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আজি আজমীৰলৈ যাত্ৰা কৰিছে। কংগ্রেছ আৰু বিজেপিৰ সভাপতিদ্বয় ক্ৰমে ৰাহুল গান্ধী আৰু অমিত শ্বাহে মধ্যপ্ৰদেশলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।

বিজেপিৰ সভাপতি গৰাকীয়ে আনুষ্ঠানিক ভাবে জন সংযোগ যাত্রাৰ আৰম্ভনী কৰাৰ কথা। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও নিৰ্বাচনী কাৰ্য্যসূচী সাজু কৰিছে। 

বহুত জল্পনা কল্পনাৰ অন্তত আজি বহুজন সমাজ পাৰ্টীৰ নেত্ৰী তথা উত্তৰপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী মায়াবতীয়ে ৰাজস্থান আৰু মধ্যপ্রদেশত কংগ্ৰেছৰ লগত কোনোধৰনৰ মিত্ৰযোটত আবদ্ধ নহয় বুলি ঘোষনা কৰিছে৷