DNA India
DNA India

ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্তত বৃহস্পতিবাৰে ঘোষণা হ’ল উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন৷

ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড নিৰ্বাচনৰ দিন ঘোষণা কৰে দেশৰ নিৰ্বাচন আয়োগ৷ ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত হ’ব, ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড-মেঘালয়ত একেটা দিনতেই ভোটদান অনুষ্ঠিত হ’ব৷

তিনিওঁ খন ৰাজ্যৰে ৩ মাৰ্চত নিৰ্বাচনৰ ভোট গণনা তথা ফলাফল ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত এ কে জ্যোতিয়ে৷ ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ডত ৬০ খনকৈ আছে বিধান সভা আসন৷ ইতিমধ্যে কেন্দ্ৰৰ শাসকীয় দল বিজেপি, কংগ্ৰেছ তথা আঞ্চলিক দল সমূহে তীব্ৰ প্ৰচাৰ আৰম্ভ কৰিছে৷