গুৱাহাটীঃ আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভাৰ নিৰ্বাচনত ছেমিফাইনেল হিচাপে বিবেচিত পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনাত এতিয়ালৈকে কংগ্ৰেছে আগবাঢ়ি আছে৷ 

এশ নিৰানব্বৈখন আসনৰ ৰাজস্থান বিধানসভাত দিনৰ ১১.৩০ বজাত পৰ্যন্ত কংগ্ৰেছে ৯৫ খন আসনত আগবাঢ়ি আছে৷ শাসনাধিস্থিত বি জে পিয়ে ৮০ খন আসনত আগবাঢ়ি থাকিবলৈ সক্ষম হৈছে৷ একেদৰে চত্তীশগড়তো ৯০ খন আসনযুক্ত বিধানসভাত ৫৭ খন আসনত কংগ্ৰেছ আগবাঢ়ি থকাৰ বিপৰীতে শাসকীয় বি জে পিয়ে মাত্ৰ ২৪ খন আসনকহে আগবাঢ়ি আছে৷ 

ইফালে, মধ্য প্ৰদেশত বি জে পি আৰু কংগ্ৰেছে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে প্ৰায় সমান সমান সংখ্যক আসনত আগবাঢ়িবলৈ সক্ষম হৈছে৷ দুয়োটা দলে ২৩০ জনীয়া বিধান সভাৰ ১১০ খনকৈ আসনত আগবাঢ়ি আছে৷ 

তেলেংগানাত শাসকীয় টি আৰ এছে পুনৰ ক্ষমতা দলৰ দিশে আগবাঢ়ি ১১৯ জনীয়া বিধানসভাত ৯৩ খন আসনত আগবাঢ়িবলৈ সক্ষম হৈছে৷ ৰাজ্যখনত কংগ্ৰেছে ১৯ খন আৰু বি জে পিয়ে মাত্ৰ এখন আসনতহে এতিয়ালৈকে আগবাঢ়ি আছে৷

মিজোৰামত ৪০ জনীয়া আসনৰ বিধানসভাত এম এন এফে ২৮ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছে সাতখন আসনতহে আগবাঢ়ি আছে৷ ৰাজ্যখনত বি জে পিয়ে এতিয়ালৈকে মাত্ৰ এখন আসনতহে আগবাঢ়ি থাকিবলৈ সক্ষম হৈছে৷