গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ অহা ১২ আৰু ১৯ মে’ দুটা পৰ্যায় ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে অহা ২৩ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে কেন্দ্ৰত চৰকাৰ কোনো গঠন কৰিব, কোন সমষ্টিৰপৰা ৰাইজে কোন দলৰ প্ৰাৰ্থীক সাংসদ হিচাপে নিৰ্বাচন কৰিব তাক লৈ ৰাজনৈতিক দল তথা সমগ্ৰ দেশবাসীৰ অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
দেশবাসীৰ সমান্তৰালকৈ নিৰ্বাচনৰ ফলাফল ঘোষণাত যাতে কোনো খোদ ৰৈ নাযায় অথবা ফলাফল ঘোষনাৰ দিনা যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় সেই কথা লক্ষ্য ৰাখি দেশৰ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। একেদৰে অসমৰো ১৪ টা লোকসভাৰ সমষ্টিৰ ফলাফল ঘোষণা সম্পূৰ্ণ নিখুঁত আৰু নিয়াৰিকৈ সম্পন্ন হৈ যায় তাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগ সম্পূৰ্ণ সাজু হৈ উঠিছে।