ওদালগুৰি ৬ এপ্ৰিল: বি টি চিত হাগ্ৰামাৰ হাতত নাই কোনো নিজা আচনি। সেয়ে সোনৰ বাৱে তিনিবাৰ বিবাহ হবলৈ কৈছে মহিলা সকলক। ওদালগুৰিত ইউ পি পি এলৰ নিৰ্বাচনী সভাত এই অভিযোগ কৰে এবছু সভাপতি প্ৰমোদ বড়োৱে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ওদালগুৰিতো চলিয়ে নিৰ্বাচনৰ গৰম বতাহ।
বিজেপি-বিপিএফৰ পিচত আজি শনিবাৰে ওদালগুৰি চহৰত অনুষ্ঠিত হয় মংগলদৈ লোকসভা সমষ্টিৰ ইউ পি এল দলৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীৰ নিৰ্বাচনী সভা। সভাত অংশ গ্ৰহণ কৰি ইউ পি পি এলৰ সভাপতি ইউ জি ব্ৰহ্ম আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বিজেপি-বিপিএফৰ লগতে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। ভাষন প্ৰসংগত ব্ৰহ্মই কয় বি এটি চিত এলেকাত বি জে পি বা কংগ্ৰেছৰ কোনো মুল্য নাই। পূৰ্ৱে এই মূল্য বিপিএফৰ আছিল যদিও বিজেপিৰ সৈতে বিলীন হৈ এতিয়া বিপিএফৰো কোনো মুল্য নোহোৱা হৈ পৰিছে। লগতে তেওঁ নৰেন্দ্ৰ মোডী বা ৰাহুল গান্ধীৰ মুখৰ কথাত শান্তি ঘুৰি নাহে বুলি উল্লেখ কৰি শান্তিৰ বাবে সকলোকে একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।