কাকপথাৰ: আজি অৰুণাচল প্ৰদেশৰ লেকাং সমষ্টিৰ অন্তৰ্গত মহাদেৱপুৰত নেচনেল পিপলছ পাৰ্টিয়ে এক নিৰ্বাচনী বিশাল জনসভা আয়োজন কৰে । উক্ত নিৰ্বাচনী জনসভাত উপস্থিত থাকে ৪৮ নং লেকাং সমষ্টিৰ NPP ৰ প্ৰাৰ্থী নিশ কপি, ব্লক সভাপতি শিকৰা মুৰা, জিলা সভাপতি ৰাকেশ দেউৰী, সাধাৰণ সম্পাদক হৰেন মিলি, ৱমেন উইংছৰ সভাপতি ৰীণামনী শইকীয়া, মিছিং সম্প্ৰদায়ৰ সভাপতি কুলু মিলিকে ধৰি অন্যান্য বিষয়ববীয়াসকল।
সভাত উপস্থিত থাকি NPP ৰ বিষয়ববীয়াসকলে তথা লেকাঙৰ প্ৰাৰ্থী নিশ কপিয়ে বিজেপি আৰু কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিগত সময়চোৱাত বিজেপি আৰু কংগ্ৰেছ চৰকাৰে লেকাঙৰ উন্নয়নৰ বাবে একো কাম নকৰিলে, আনকি লেকাঙৰ মূল সমস্যা PRC ৰ বিষয়ে কোনোধৰণৰ প্ৰস্তাৱ উত্থাপন কৰা পৰিলক্ষিত নহল ।