ফটো,উৎস ইন্টাৰনেট,
ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ ১৯৭৩ চনৰ ‘অভিমান’ৰ কথা মনত আছেনে৷ ১৯৭৩ চনত ব্যাপক চৰ্চা হৈছিল অভিমানৰ বাবে৷ বক্স অফিচ গৰম কৰা মেগাষ্টাৰ অমিতাভ বচ্চন আৰু জয়া বচ্চন অভিনীত অভিমানৰ বোলছবিৰ কথা হে কৈছো৷ দাম্পত্য জীৱনৰ উত্থান-পতনৰ কাহিনীয়ে ৰূপালী পৰ্দাত হৈ চৈ সৃষ্টি কৰিছিল অভিমান নামৰ হিন্দী বোলছবি খনে৷

পত্নীৰ সাফল্যই কিদৰে এগৰাকী সংগীত শিল্পী স্বামীক দুৰ্বল কৰে তাক সুন্দৰকৈ উপস্থাপন কৰা হয় বোল ছবি খনত৷ পৰ্দাত এই কাহিনীক জীৱন্ত ৰূপ দিছিল হৃষিকেশ মুখাৰ্জী৷ পুনৰ অভিমানৰ যাদুক পৰ্দাত দেখুৱাবলৈ সাজু হৈছে পৰিচালক ৰাজীৱ মেনন৷

এইবাৰ বোলছবি খনত অভিনয় কৰিব অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ-বোৱাৰি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনে৷ এটি সুত্ৰৰ খবৰ মতে, বহু দিন ধৰি অভিষেকে পত্নী ঐশ্বৰ্যৰ সৈতে অভিনয় কৰাৰ ইচ্ছা পুহি ৰাখিছিল৷ অন্তিমবাৰ ২০১০ চনত ৰাৱন বোলছবিত দেখা পোৱা গৈছিল ঐশ্বৰ্য-অভিষেক যুটীক৷ অফ স্ক্ৰিনৰ দাম্পত্যক অন স্ক্ৰিনত দেখা পােৱাৰ সৌভাগ্য হ’ব ঐস্বৰ্য-অভিষেকৰ অনুৰাগীৰ৷