ডিজিটেল ডেস্কঃ যোৱা ১০ ফেব্ৰুৱাৰীৰ নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱানন সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰিছুল৷ সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত৷ তিনিগৰাকী সন্ত্ৰাসবাদীয়ে আবাসীক এলেকাত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷
জইচ-ই-মহম্মদে এই কাণ্ড সংঘটিত কৰাছিল এই ঘটনা৷ পুৱা ৪.৫৫ বজাত প্ৰৱেশ কৰি চেন্ট্ৰীক লক্ষ্য কৰি গুলীচলনা কৰে৷ তাৰ পিছতেই ভিতৰত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰিছিল৷ আক্ৰমণত ১০গৰাকী লোকৰ মৃত্যু হয়৷
৬গৰাকী জোৱান, এগৰাকী সাধাৰণ নাগৰিক আৰু ৩ জেইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল৷ চুঞ্জৱানন সেনাৰ শিবিৰত আক্ৰমণৰ মাষ্টৰ মাইণ্ড জইচ-ই-মহম্মদৰ শীর্ষ সন্ত্রাসবাদী মুফতি আয়াকাসক সোমবাৰে সেনাৰে সংঘৰ্ষত নিহত হয়৷ কাশ্মীৰৰ আৱন্তিপোৰাত ৰাষ্ট্ৰীয় ৰাইফলৰ হাতত নিহত হয় আয়াকাস৷ ঘটনাস্থলিৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়৷
আয়াকাস জইচ-ই-মহম্মদৰ অপাৰেছন কামাণ্ডাৰ আছিল৷ কাশ্মীৰৰ বহু আক্ৰমণৰ ঘটনাৰ নায়ক আছিল আয়াকাস৷ আয়াকাস ভাৰতীয় নাগৰিক নাছিল ভাৰত কেৱল সন্ত্ৰাস সৃষ্টিৰ বাবে থিতাপি লৈ আছিল৷