Home বিশ্বআকাশলংঘী হ’ব তেল, প্ৰাকৃতিক গেছ, কয়লাৰ মূল্য ! ভাৰতৰ বিপদ সন্নিকট

আকাশলংঘী হ’ব তেল, প্ৰাকৃতিক গেছ, কয়লাৰ মূল্য ! ভাৰতৰ বিপদ সন্নিকট

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেস্কঃ শক্তিজাত পণ্য যেনে পেট্ৰ’ল, ডিজেল, প্ৰাকৃিতক গেছ, কয়লা আদিৰ মূল্য আকাশলংঘী হ’বলৈ বেছিদিন নাই। চলিত ২০১৮ বৰ্ষতে এনেধৰণৰ পণ্যৰ মূল্য একেকোবে ২০ শতাংশ বৃদ্ধি পাব বুলি বিশ্ববেংকে শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰিছে। এনেদৰে অভাৱনীয় হাৰত শক্তিজাত পণ্যৰ দাম বঢ়াৰ ফলত ভাৰতৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে। কিয়নো ভাৰত শক্তিজাত সা-সামগ্ৰীৰ আমদানীৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল। 

মঙলবাৰে বিশ্ববেংকৰ দ্বাৰা প্ৰকাশিত কম’ডিটি মাৰ্কেটচ্ আউটলুক প্ৰতিবেদনখনত মূল্যবৃদ্ধিৰ নতুন হাৰ প্ৰকাশ কৰা হৈছে। অক্টোবৰৰ প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা অনুমানিক মূল্যবৃদ্ধিৰ তুলনাত এই হাৰ এইবাৰ ১৬ শতাংশ হৈছেগৈ। তেলৰ মূল্য প্ৰতি বেৰেলত ৬৫ আমেৰিকান ডলাৰ হ’ব বুলি ঠাঁৱৰ কৰা হৈছে। ২০১৭ চনত এই মূল্য আছিল ৫৩ ডলাৰ। গ্ৰাহকৰ চাহিদা বৃদ্ধি আৰু তেল উৎপাদক দেশৰ ৰোধ-বিৰোধৰ বাবেই এনেদৰে তেলৰ দাম বঢ়া বুলি প্ৰতিবেদনখনত বিশ্লেষণ কৰা হৈছে। একে প্ৰকৃতিৰ কাৰণতে ধাতৱীয় সামগ্ৰীৰো দাম বাঢ়িব বুলি কোৱা হৈছে উক্ত প্ৰতিবেদনখনত। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0