ডিজিটেল ডেস্কঃ শক্তিজাত পণ্য যেনে পেট্ৰ’ল, ডিজেল, প্ৰাকৃিতক গেছ, কয়লা আদিৰ মূল্য আকাশলংঘী হ’বলৈ বেছিদিন নাই। চলিত ২০১৮ বৰ্ষতে এনেধৰণৰ পণ্যৰ মূল্য একেকোবে ২০ শতাংশ বৃদ্ধি পাব বুলি বিশ্ববেংকে শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰিছে। এনেদৰে অভাৱনীয় হাৰত শক্তিজাত পণ্যৰ দাম বঢ়াৰ ফলত ভাৰতৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে। কিয়নো ভাৰত শক্তিজাত সা-সামগ্ৰীৰ আমদানীৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল। 

মঙলবাৰে বিশ্ববেংকৰ দ্বাৰা প্ৰকাশিত কম’ডিটি মাৰ্কেটচ্ আউটলুক প্ৰতিবেদনখনত মূল্যবৃদ্ধিৰ নতুন হাৰ প্ৰকাশ কৰা হৈছে। অক্টোবৰৰ প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা অনুমানিক মূল্যবৃদ্ধিৰ তুলনাত এই হাৰ এইবাৰ ১৬ শতাংশ হৈছেগৈ। তেলৰ মূল্য প্ৰতি বেৰেলত ৬৫ আমেৰিকান ডলাৰ হ’ব বুলি ঠাঁৱৰ কৰা হৈছে। ২০১৭ চনত এই মূল্য আছিল ৫৩ ডলাৰ। গ্ৰাহকৰ চাহিদা বৃদ্ধি আৰু তেল উৎপাদক দেশৰ ৰোধ-বিৰোধৰ বাবেই এনেদৰে তেলৰ দাম বঢ়া বুলি প্ৰতিবেদনখনত বিশ্লেষণ কৰা হৈছে। একে প্ৰকৃতিৰ কাৰণতে ধাতৱীয় সামগ্ৰীৰো দাম বাঢ়িব বুলি কোৱা হৈছে উক্ত প্ৰতিবেদনখনত। 

খাদ্যবস্তুকে ধৰি কৃষিজাত সামগ্ৰী আৰু কেঁচা মালৰ দাম আনুমানিক ২ শতাংশ বৃদ্ধি পাব। বৰ্ধিত চাহিদাৰ ফলতে এনেদৰে সকলোধৰণৰ সামগ্ৰীৰ দাম উৰ্ধগামী হোৱা বুলি বিশ্ববেংকৰ উন্নয়নমূলক অৰ্থনীতি বিভাগৰ সঞ্চালক তথা মুখ্য অৰ্থনীতিবিদ শান্তায়ানন দেৱৰাজনে কয়। তদুপৰি নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া আলোচনাধীন হৈ থকা হেতুকে দৰ সম্পৰ্কে দিয়া আভাসত অনিশ্চয়তা বিৰাজ কৰিছে। 

২০১৮ বৰ্ষৰ শেষৰফালে তেলৰ দাম হ্ৰাস পাব বুলিও প্ৰতিবেদনখনত কোৱা হৈছে যদিও এয়া পেট্ৰলিয়াম ৰপ্তানী কৰা দেশৰ সংস্থা অপেক আৰু নন-অপেক দেশসমূহে নীতি অনুপালন কৰিলেহে এনে হোৱাটো সম্ভৱ বুলি মত প্ৰকাশ কৰিছে প্ৰতিবেদনখনৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ অৰ্থনীতিবিদ জন বেফাচে।