
লণ্ডনঃ প্ৰতিবাদকাৰীৰে প্ৰতিবাদেৰে উত্তাল হ’ল লণ্ডনৰ ৰাজপথ৷ ইউৰোপীয় সংঘৰ পৰা ইংলেণ্ড ওলাই অহাৰ প্ৰতিবাদতে এই বিক্ষোভ প্ৰদৰ্শন কৰে সহাশ্ৰাধিক লোকে৷ প্ৰতিবাদকাৰীসকলে ইংলেণ্ডক ইউৰোপীয় সংঘত থাকিবলৈ দাবী জনায়৷
উল্লেখ যে প্ৰায় ৪৮ শতাংশ লোকে ইংলেণ্ডক ইউৰোপীয় সংঘত থকাৰ সপেক্ষে মতদান কৰিছিল৷ দুদিন পূৰ্বেই দেশখনৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ ঘোষণা কৰিছিল যে ইউৰোপীয় সংঘ এৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷