কোকৰাঝাৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি বিটিআৰত উপস্থিত হৈ অহা পাঁচ বছৰত বিটিআৰত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব পাৰিব বুলি ঘোষণা কৰাৰ পিছতে বিটিআৰৰ শিক্ষা পৰামৰ্শমূলক কমিটীৰ উপদেষ্টা আৰ এন সিনহাই ষষ্ঠ অনুসূচীভুক্ত এলেকাত কোনোমতেই সমঅধিকাৰ, সমবিকাশ সম্ভৱ নহয বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত হোৱা এক সংবাদমেলত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিটিআৰৰ শিক্ষা পৰামৰ্শমূলক কমিটীৰ উপদেষ্টা আৰ এন সিনহাই মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈ কয় যে কোনোবা কোনোবাই সমঅধিকাৰ, সমবিকাশৰ কথা কোৱা মিডিয়াত দেখিছো কিন্তু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত এলেকা বিটিআৰত সমঅধিকাৰ, সমবিকাশ সম্ভৱ নহয়।
পৃথক বড়োলেণ্ড হ’লেহে সমঅধিকাৰ, সমবিকাশ সম্ভৱ হ’ব বুলি মন্তব্য কৰি সমঅধিকাৰ, সমবিকাশৰ কথা এতিয়া কৈ লাভ নাই বুলি মন্তব্য কৰে। এইবোৰ কথা চিন্তা কৰিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিআৰক বিশেষ ইক’ন’মিক জ’ন হিচাপে মৰ্যদা দিবলৈ বৰ্তমান নতুন দিল্লীত বাহৰ পাতি আছে আৰু মন্ত্ৰণালয়ৰ সতে কথা পাতি আছে বুলি মন্তব্য কৰে সিনহাই। বিটিআৰক বিশেষ ইক’ন’মিক জ’ন হিচাপে ঘোষিত হ’লে অজনজাতিসকলে কমেও ৫০ শতাংশ কৰ ৰেহাই পাব আৰু ব্যৱসায়ীসকলৰ সকলোতকৈ বেছি উপকৃত হ’ব আৰু বৃহৎ কৰ ৰেহাই পাব বুলি মন্তব্য কৰি সিনহাই কয় যে নিয়মানুসৰি ষষ্ঠ অনুসূচীভুক্ত এলেকাত জনজাতিসকলে ১০০ শতাংশ কৰ ৰেহাই লাভ কৰে।
নিৰ্বাচনৰ পিছতে বিশেষ ইক’ন’মিক জ’ন হিচাপে বিটিআৰ অঞ্চল ঘোষিত হ’লে বহু সুবিধা হ’ব বুলিও মন্তব্য কৰিছে আৰ এন সিনহাই। প্ৰণিধানযোগ্য যে কেইদিনমান পূৰ্বে এইজন বিটিআৰৰ শিক্ষা পৰামৰ্শমূলক কমিটীৰ উপদেষ্টা তথা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ আৰ এন সিনহাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰিছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে আৰ এন সিনহাই সংবাদমেলত বিটিআৰৰ ওদালগুৰি, তামুলপুৰ, বাক্সাত চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ডি এম আই টি টেষ্ট সম্পূৰ্ণ হোৱা বুলি দাবী কৰে। বৰ্তমানলৈকে ১,৮৬,০০০ ছাত্ৰ-ছাত্ৰীৰ ডিএমআইটি টেষ্ট সম্পূৰ্ণ হোৱা বুলি দাবী কৰি অহা কালিৰ পৰা চিৰাং জিলাত ডিএমআইটি টেষ্ট আৰম্ভ হ’ব বুলি সদৰী কৰিছে। আনহাতে ১০ আগষ্টৰ পৰা কোকৰাঝাৰত ডিএমআইটি টেষ্ট আৰম্ভ হ’ব আৰু তাৰপিছতে ৰিপ’ৰ্টসমূহ অভিভাৱকসকললৈ প্ৰেৰণ কৰা হ’ব বুলি সদৰী কৰিছে আৰএন সিনহাই।
তদুপৰি বিটিআৰৰ ডিগ্ৰী আৰু মাষ্টৰ ডিগ্ৰী কলেজৰ ৫৪ হেজাৰ ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰুপ ইঞ্চুৰেঞ্চ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু চাৰিখন কলেজৰ বাহিৰে আন সকলো কলেজে গ্ৰুপ ইঞ্চুৰেঞ্চৰ বাবে ডাটাসমুহ প্ৰেৰণ কৰিছে। যিকেইখন কলেজে গ্ৰুপ ইঞ্চুৰেঞ্চৰ বাবে ডাটা যোগান ধৰা নাই তেওঁলোকক অহা সোমবাৰৰ ভিতৰত ডাটা সমুহ বিটিচিৰ শিক্ষা সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে আৰএন সিনহাই। আনহাতে বিটিআৰৰ প্ৰতি ঘৰত এটাকৈ চাকৰি দিয়াৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ যি অভিলাষী পৰিকল্পনা তাৰ বাবে পঞ্জীয়ন আৰম্ভ হোৱা বুলি সদৰি কৰি নিবনুৱা যুৱক-যুৱতীসকলে আৰু যাৰ পৰিয়ালত চাকৰি নাই তেওঁলোকক emtbtr@gmail.com লৈ নাম-ঠিকনা আৰু ফোন নম্বৰ পঠিয়াই পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে বিটিআৰৰ শিক্ষা পৰামৰ্শমূলক কমিটীৰ উপদেষ্টা তথা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ আৰ এন সিনহাই।
