newsnextone.com | ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে বৃদ্ধি হৈ অহা ধৰ্ষণৰ ঘটনাই সভ্য সমাজকৰ লজ্জানত কৰাৰ সময়তে এগৰাকী বিজেপি বিধায়কে ধৰ্ষণ প্ৰতিৰোধক লৈ কৰা মন্তব্যই চৰ্চা লাভ কৰিছে৷ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে ধৰ্ষণ সন্দৰ্ভত মন্তব্য কৰি কয়, ‘মই দাবী কৰি কব পাৰো যে স্বয়ং ৰাম ভগৱান আহিলেও ধৰ্ষণৰ ঘটনা নিয়ন্ত্ৰণ কৰা তেওঁৰ বাবে সম্ভৱ নহ’ব৷ এয়া সমাজৰ স্বাভাৱিক প্ৰদূষণ হয় আৰু ইয়াৰ পৰা কোনেও সাৰি যাব নোৱাৰে৷’
উত্তৰ প্ৰদেশৰ বেৰিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে, সকলো ধৰ্মতে কোৱা হৈছে সমাজখন একেখন পৰিয়াল বুলি ভাৱিব লাগে৷ সকলো নাৰীকে নিজৰ ভগ্নী ভাৱি নিজৰ ধৰ্মৰ পালন কৰিব লাগে৷ সংস্কাৰৰ বলতহে ধৰ্ষণ নিয়ন্ত্ৰণ কৰিব পৰা যাব৷ কিন্তু সংবিধানৰ শক্তি দেখুৱাই এয়া নিয়ন্ত্ৰণ কৰা অসম্ভৱ৷