newsnextone.com | গুৱাহাটীঃ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত আৰম্ভ হৈছিল এনআৰচিৰ উন্নীতকৰণৰ কাম। বিভিন্ন সময়ত তৰুণ গগৈয়ে আমি এনআৰচিৰ কাম কৰিছিলোঁ বুলি দাবী কৰি আহিছে। ১০ জুলাইৰ পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে গগৈয়ে এয়া আমাৰ চিন্তাৰ ফল বুলি কয়।
মঙলবাৰে পুনৰ এখন সংবাদমেল অনুষ্ঠিত কৰি গগৈয়ে মই-কংগ্ৰেছে এনআৰচিৰ জন্মদাতা বুলি দাবী কৰে। সন্তান জন্ম পালে পিতৃয়ে পোৱা আনন্দৰ দৰেই আনন্দ পাইছোঁ বুলিও মন্তব্য প্ৰকাশ কৰে। সন্তান স্বাস্থ্যবান হ’লে বেছি আনন্দিত হলোহেতেন বুলি কৈ এনআৰচিত বহু ভুল কথা বুলি কয়। সোমবাৰে প্ৰকাশিত এনআৰচিৰ খচৰাত বহু ভুল আছে। গগৈয়ে সমানে চৰকাৰক তীব্ৰ আত্ৰমণ কৰি আমি যেনেদৰে এনআৰচি প্ৰকাশ পোৱাটো বিচাৰিছিলো তেনেদৰে প্ৰকাশ নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে।