নাৰায়ণপুৰঃ ছাত্ৰ-ছাত্ৰী আৰু গছপুলিৰ মাজত পাৰ্থক্য বিচাৰি নোপোৱা নাৰায়ণপুৰৰ এগৰাকী অনন্য শিক্ষক। শিক্ষকতাৰ সমান্তৰালভাৱে পৰিৱেশক লৈও সদা-সচেতন এইগৰাকী শিক্ষক। বিদ্যালয় চৌদহৰ ওপৰিও কাষৰীয়া অঞ্চলটোক লৈ এক সেউজ বিপ্লৱৰ সপোন দেখে শিক্ষকজনে। এই সপোনক বাস্তৱ ৰূপ দিবলৈকে তাকৰীয়া দৰমহাৰ টকা কেইটাও তেওঁ বিনা দ্বিধাই খৰছ কৰি আহিছে।
ব্যতিক্ৰমী এই শিক্ষক গৰাকী হৈছে বিমল হাজৰিকা। নাৰায়ণপুৰ শিক্ষা মণ্ডলৰ অন্তৰ্গত ধলপুৰ কচুৱাৰ উৰিয়ামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। জীৱনৰ অধিক কাল বিনা বেতনেৰে শিক্ষকতা কৰি অৱশেষত বেতন লাভ কৰিবলৈ সক্ষম হ’ল যদিও সেই টকা কেইটাও সমাজৰ বাবেই ব্যয় কৰে শিক্ষকগৰাকীয়ে। বিশেষকৈ প্ৰাকৃতিক সৌন্দৰ্য আৰু সেউজ বিপ্লৱৰ প্ৰতি সদায় আকৃষ্ট হৈ আহিছে এই শিক্ষকগৰাকীয়ে।