নতুন দিল্লীঃ দেশৰ ৰাজধানী নতুন দিল্লীত লালকিল্লা মেট্ৰ’ ষ্টেশ্যনৰ সমীপত চাৰিচকীয়া বাহনত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত হোৱা এই বিস্ফোৰণৰ ঘটনাত অতিকমেও ৮ জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে।
দিল্লীৰ অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই সদৰী কৰা মতে সন্ধিয়া ৬.৫৫ বজাত এটি ফোন কলযোগে লালকিল্লাৰ মেট্ৰ’ ষ্টেশ্যনৰ এক নম্বৰ গেটৰ সমীপত গাড়ী এখনত বিস্ফোৰণ হোৱা বুলি খবৰ লাভ কৰিছিল। বিস্ফোৰণৰ ফলত ৬খনকৈ বাহনত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ লগতে আশে-পাশে থকা আন কেবাখনো বাহনৰো ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে।