94
ডিজিটেল ডেস্কঃ শক্তিশালী বিস্ফোৰণে কঁপালে কাবুল৷ আফগানিস্তানৰ ৰাজধানী চহৰখনত পুৱা সংঘটিত হোৱা কাৰ বোমা বিস্ফোৰণত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ লগতে ৩৫০ জন লোক আহত হৈছে৷
ভাৰতীয় দূতাবাসৰ সমীপতে সংঘটিত হয় এই বিস্ফোৰণ৷ অৱশ্যে এই বিস্ফোৰণত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীসকল সুৰক্ষিত অৱস্থাত আছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা৷