ডিজিটেল ডেস্কঃ শক্তিশালী বোমা বিস্ফোৰণে কপালে জাৰ্মানী৷ এটি ফুটবল দলৰ ওপৰত সংঘটিত হোৱা এনে আক্ৰমণে আতংকিত কৰি তুলিছে সমগ্ৰ দেশখনক৷

স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা প্ৰায় ৮বজাত ব’ৰ’ছিয়া ডুৰ্য়াতমুণ্ড ফুটবল দলৰ ওপৰত ৩টাকে বোমাৰে চলে এই ভয়াৱহ আক্ৰমণ৷ দলটোৱে বাছেৰে  ষ্টেডিয়ামৰ দিশে ৰাওনা হোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয়৷

আক্ৰমণত দলটোৰ ডিফেণ্ডাৰ মাৰ্ক বাৰ্টত্ৰা আহত হয়৷ আহত খেলুৱৈগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ বাকী খেলুৱৈসকল সুস্থ বুলি জনাইছে ক্লাবটোৱে৷ এই ঘটনাৰ পিছতে ম’নাকোৰ বিৰুদ্ধে হ’বলগীয়া চেম্পিয়নছ লীগৰ মেচখন বুধবাৰলৈ পিছুৱাই দিছে আয়োজকসকলে৷

দলটোক উদ্দেশ্য কৰিয়েই এই আক্ৰমণ চলোৱা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ এতিয়ালৈ কোনো উগ্ৰপন্থী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷

ইফালে খেলুৱৈৰ ওপৰত চলোৱা এনে আক্ৰমণক নিন্দা কৰিছে আন্তৰ্জাতিক ফুটবল সংস্থা ফিফাই৷ উল্লেখ্য যে বিগত দিনসমুহত পশ্চিমীয়া দেশসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে এনে আক্ৰমণৰ ঘটনা৷