আগৰতলাঃ ত্ৰিপুৰাৰ মজলিশপুৰ বিধান সভা সমষ্টিৰ পালাবাগানত শনিবাৰে বিস্ফোৰক উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছতে বিস্ফোৰক উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে এই সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত চৌধুৰীও বিস্ফোৰণত আহত হৈছিল৷

পালাবাগান অঞ্চলত বাৰে বাৰে বিস্ফোৰক উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷ তিনিদিন পূৰ্বেও বিস্ফোৰক উদ্ধাৰ হৈছিল সমষ্টিটোত৷ স্থানীয় ৰাইজে বিস্ফোৰক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে বোমাটো নিষ্ক্ৰিয় কৰে৷ বোমা উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷