ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভাত ভয়ানক আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ৷ যোৱা বুধবাৰে বিধানসভাৰ পৰা উদ্ধাৰ হয় ১৫০গ্ৰাম ওজনৰ বগা পাউদাৰ৷

পৰীক্ষাৰ বাবে উক্ত পাউদাৰ পঠিওৱা হৈছিল ফৰেণছিকলৈ৷ আৰু আজি ফৰেণছিকৰ ফলাফলে কপাইছে সমগ্ৰ ৰাজ্যখন৷ ৰিপৰ্টত প্ৰকাশ হৈছে যে উক্ত দ্ৰব্যখিনি শক্তিশালী প্লাষ্টিক বিস্ফোৰকPETN৷

বৃহস্পতিবাৰে নিশা  প্ৰকাশ হয় এই তথ্য৷ এই PETN ৰ ৫০ ৰ পৰা ১০০ গ্ৰাম পাউডাৰে উৰুৱাব পাৰে গাড়ী অথবা এটা কোঠা৷ ঘটনাৰ সম্পৰ্কে বিধানসভাত সংবাদমেল অনুষ্ঠিত কৰিছে যোগী আদিত্যনাথে৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অভিযুক্ত ধৰা পৰিলে কঠোৰতম শাস্তি বিহা হ’ব৷ তদুপৰি সমগ্ৰ বিষয়টো নিয়া(NIA)ই তদন্ত কৰা প্ৰয়োজন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ঘটনাৰ পিছতেই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বিধানসভাত৷