ডিজিটেল ডেস্কঃ হোটেলত পাৰ্টীৰ পিছত ধৰ্ষিতা হৈছিল যুৱতীগৰাকী। কিন্তু ধৰ্ষণৰ পিছতে উপস্থিত বুদ্ধিৰ সহায়ত অভিযুক্তক বিচাৰি উলিয়াবলৈ সক্ষম হয় তেওঁ। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষক যুৱকজনক।

গৱেষণা সম্পৰ্কীয় কোনো কামত আমেৰিকাৰ পৰা ১৪ মে’ত ভাৰতলৈ আহিছিল যুৱতীগৰাকী। মাৰ্কিন বাসিন্দা হ’লেও ভাৰতীয় মূলৰ হোৱা বাবে এই দেশৰ প্ৰতি এক বিশেষ টান আছিল যুৱতীগৰাকীৰ। এই অনুযায়ী ভাৰতত থকা কেবাগৰাকী আত্মীয়ৰ ঘৰলৈকো গৈছিল তেওঁ। কিছুদিন পূৰ্বে পঞ্জাৱৰ এজন আত্মীয়ৰ বিয়াৰ পৰা দিল্লীলৈ আহে ২২ বৰ্ষীয় যুৱতীগৰাকী। দিল্লীৰ পাহাৰগঞ্জ অঞ্চলত এখন হোটেলত ৰুম ভাৰালৈ লয় তেওঁ। তেওঁৰ দুই বন্ধু অমনপাল আৰু ৰবীন্দৰ সিঙৰ জৰিয়তে চিনাকি হয় যশৱন্ত সিঙৰ সৈতে।

সেইদিনাই হোটেলত পাৰ্টীৰ পিছত যুৱতীগৰাকীৰ পানীয়ত এদিনৰ চিনাকি যশৱন্তই চেতনানাশক দৰৱ মিহলাই দিয়ে। ইয়াৰ পিছতে বলপূৰ্বকভাৱে এটা কোঠালৈ নি ভাৰতীয় মূলৰ মাৰ্কিন যুৱতীগৰাকী ধৰ্ষণ কৰে যশৱন্তই। ধৰ্ষণৰ পিছত চেতনা ঘূৰাই পাই মানসিকভাৱে বিধ্বস্ত হৈ পৰিলেও ফেচবুকৰ জৰিয়তে যশৱন্তৰ সন্ধান উলিয়াই নিৰ্যাতিতা যুৱতীগৰাকীয়ে। লগে লগে ধৰ্ষক যশৱন্তলৈ পঠিয়াই দিয়ে ফ্ৰেইণ্ড ৰিকুৱেষ্ট। যশৱন্তয়ো তৎমহূ্ততে একচেপ্ট কৰে উক্ত ৰিকুৱেষ্ট। ইয়াৰ মাজতে যশৱন্তৰ ছবি ছেভ কৰে যুৱতীগৰাকীয়ে। 

কিছু সময় পিছতে বন্ধু বৰ্গৰ সৈতে আলচ কৰি আৰক্ষীৰ কাষ চাপে নিৰ্যাতিতা যুৱতীগৰাকী। কিন্তু আৰক্ষীয়ে প্ৰথমে তেওঁক হিন্দীতে এজাহাৰ লিখিবলৈ বাধ্য কৰায় বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে। অৱশ্যে পিছত এজন শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰাত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াই ইংৰাজীতে লিখা এজাহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে। ২৩ মে’ৰ উক্ত এজাহাৰৰ ভিত্তিত ফেচবুক একাউণ্টৰ জৰিয়তে অভিযুক্ত যশৱন্তক চিনাক্ত কৰি ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে।

নিৰ্যাতিতা যুৱতীগৰাকীৰ অধিবক্তাই জনোৱা মতে, ফেচবুক একাউণ্টৰ জৰিয়তেই অতি সহজে কম সময়ৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্ত যশৱন্তক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। ফেচবুকৰ সহায় নোলোৱা হ’লে এতিয়াও যশৱন্তক ধৰা পেলোৱাতো অসম্ভৱ হ’লহেতেন বুলিও জনায় অধিবক্তাজনে।