ডিজিটেল ডেস্কঃ নিজৰ ষড়যন্ত্ৰত নিজেই ভৰি থৈ জেলৰ ভাত খাবলগীয়া হ’ল এগৰাকী মহিলাৰ৷ মহাৰাষ্ট্ৰৰ পুণেত সংঘটিত হয় এনে এক ঘটনা৷
নিজক ক্ৰাইম পেট্ৰ’ল ধাৰাবাহিকখনৰ অভিনেত্ৰী বুলি দাবী কৰা ২৫ বৰ্ষীয়া পুজা যাদৱে তেওঁৰ ধৰ্ষণ হোৱা বুলি গোচৰ ৰুজু কৰে৷ পুজাৰ লগতে তেওঁৰ ৩ লগৰীয়াও পুজাৰ ধৰ্ষণ হোৱা বুলি প্ৰকাশ কৰে আৰক্ষীৰ আগত৷
নিয়ামত কাদৰী নামৰ ব্যাক্তি এগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল পুজাই৷ আৰক্ষীয়ে প্ৰকাশ কৰে যে পুজাই এজাহাৰ দিবলৈ সন্মত হোৱা নাছিল৷ মাত্ৰ ব্যক্তিগৰাকীক সকিয়নি দিবলৈ আৰক্ষীক অনুৰোধ কৰিছিল পুজা আৰু তেওঁৰ লগত যোৱা ৩ ব্যক্তিয়ে৷
সোধপোছৰ পিছত আৰক্ষীৰ সন্দেহ উপজে পুজাৰ ওপৰত৷ তদন্তৰ পিছতে প্ৰকৃত সত্য উন্মোচন হয়৷ মুলত কাদৰী নামৰ ব্যক্তিগৰাকীক পুজাই গোপনে মাতিছিল এক লজলৈ৷
লজৰ বাহিৰত ৰৈ আছিল তেওঁৰে ৩ লগৰীয়া৷ কিছুসময়ৰ পিছত লজৰ কোঠাৰ পৰা ওলাই পুজাই কাদৰীয়ে ধৰ্ষণ কৰা বুলি প্ৰকাশ কৰে৷ কিছুসময়ৰ পিছত কাদৰীক ৩ লগৰীয়াই গাড়ীত উঠাই নিৰ্জন স্থানলৈ লৈ যায় আৰু ৫ লাখ টকা দাবী কৰে৷
টকা দিবলৈ অসমৰ্থ হোৱাৰ বাবে আৰক্ষীৰ কাষ চাপে উক্ত মহিলাগৰাকী৷ হানি ট্ৰেপিঙৰ দৰে ঘটে এই সমস্ত ঘটনা৷ এই সত্য উন্মোচন হোৱাৰ পিছত আৰক্ষীয়ে পুজা আৰু পুজাসহ ৩ লগৰীয়াক ডকাইতি, ব্লেকমেইলিঙৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ২০১২ চনৰ পৰাই এনে ধৰনৰ অপৰাধত সংঘটিত কৰি আহিছিল পুজা আৰু তেওঁৰ লগৰীয়াসকলে।
(নৱভাৰত টাইমছৰ পৰা সংগৃহীত)