ডিজিটেল ডেস্কঃ যোৱা ৬ মাৰ্চৰ পৰা পদব্ৰজে মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা মুম্বাই চহৰলৈ প্ৰায় ১৯০ কিঃ মিঃ পথ অতিক্ৰম কৰি আহি সোমবাৰে মুম্বাইৰ আজাদ ময়দানত প্ৰতিবাদ সাব্যস্ত কৰে ৩৫ হাজাৰ কৃষকে৷ কৃষক আন্দোলন চৰ্চাৰ বিষয় হৈ পৰিছিল যোৱা ২ দিন ধৰি৷
Earlier visuals of Maharashtra Chief Minister Devendra Fadnavis meeting with farmers' delegation. pic.twitter.com/FcLspPAbFT
— ANI (@ANI) March 12, 2018
প্ৰায় ৩৫ হাজাৰ কৃষকে পদব্ৰজে অহাৰ ফলত চৰকাৰ চিন্তিত হৈ প্ৰতিমুহূৰ্তত কৃষক নেতাৰে যোগাযোগ ৰক্ষা কৰিছিল চৰকাৰে৷ আন্তদোলনে ভয়াবহ ৰূপ লোৱাৰ পূৰ্বে ততাতৈয়াকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ৬ জনীয়া সমিতি গঠন কৰি কৃষকৰ দাবী সন্দৰ্ভত আলোচনাত বহে৷ সোমবাৰে পুৱাই কৃষকৰ এটি প্ৰতিনিধি দল মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফৰণৱিজৰ আমন্ত্ৰণ ক্ৰমে মুখ্যমন্ত্ৰীৰ আৱাসত আলোচনাত বহে৷
We have accepted most of their demands and have given them a written letter: Maharashtra CM Devendra Fadnavis on Maharashtra Farmers' agitation pic.twitter.com/PWeXxtCq4K
— ANI (@ANI) March 12, 2018
আলোচনা কালত মুখ্যমন্ত্ৰীয়ে কৃষকৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে মৌখিক প্ৰতিশ্ৰুতি দিয়াৰ পৰিৱৰ্তে লিখিত প্ৰতিশ্ৰুতি দিয়ে ৷ মহাৰাষ্ট্ৰৰ মন্ত্ৰী গিৰিশ মহাজনে কৃষকৰ ১২-১৩টা দাবী সন্দৰ্ভত ঋণাত্মক আলোচনা কৰা বুলি কয়৷
We've had a positive meeting with farmers in which all their demands were discussed. They had around 12-13 demands out of which we've accepted some & will be giving them a written draft of it. I think they're satisfied with our decisions: Girish Mahajan, Maharashtra Minister pic.twitter.com/GPOksRFtuk
— ANI (@ANI) March 12, 2018
We are very happy. Our demands have been met. We will be getting back our land which is like mother to us: Suresh Jairam, Nashik Farmer who was participating in farmers' protest. #Mumbai pic.twitter.com/8mdCnCo8Fy
— ANI (@ANI) March 12, 2018
কেইটামান দাবী পূৰণৰ আমি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছো৷ আশা কৰো কৃষকসকল সন্তুষ্ট হ’ব বুলি কয় মন্তৰী গিৰিশে৷ আনহাতে ২ মাহৰ ভিতৰত দাবী সমূহ পূৰণ কৰিব চৰকাৰে৷ কম সময়ৰ কৃষকৰ আন্দোলন সমাপ্ত কৰাৰ আশংকা কৰা হৈছে৷ কৃষকে আন্দোলন সমাপ্ত কৰাৰ লগে লগে মহাৰাষ্ট্ৰ চৰকাৰে বিশেষ ৰেলেৰে আন্দোলনকাৰীক নাছিকলৈ লৈ যাব৷