dna india
dna india

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ মূলতঃ এখন কৃষি প্ৰধান দেশ৷ দেশৰ সৰহসংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু বৰ্তমানসময়ত সাধাৰণভাৱে জীৱন-যাপন কৰা এই কৃষকসকলৰ অৱস্থা একেবাৰে তথৈবচ৷ কিয়নো দেশৰ কৃষকসকলে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ল’ব লগা হৈছে৷ প্ৰতিদিনে আন্দোলন কৰিব লগা হৈছে৷ উচিত মূল্যৰ অভাৱত উৎপাদিত সামগ্ৰী ৰাজপথত পেলাই দিব লগা হৈছে৷ নিজৰ মূত্ৰ পান কৰি, এন্দুৰ ভক্ষণ কৰি, মানুহৰ লাওখোলা হাতত লৈ অভিনৱ প্ৰতিবাদ কৰি আহিছে দেশৰ দৰিদ্ৰ কৃষকসকলে৷ 

চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও নিম্নগামী কৰিব পৰা নাই কৃষকৰ আত্মহত্যাৰ হাৰ৷ কৃষকসকলৰ কৰ মাঁফি, উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য আদিৰ দৰে দাবীসমূহ পূৰণ কৰিম বুলি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ পৰিপ্ৰেক্ষিততেই কৃষকসকলৰ আত্মহত্যাৰ হাৰ বৃদ্ধি পায় আহিছে বুলি চৰ্চা অব্যাহত আছে৷ কিন্তু পূৰ্বৰ চৰকাৰৰ দৰে কৃষকৰ আত্মহত্যাৰ সংখ্যা ৰাজহুৱা কৰা নাই মোডী চৰকাৰে৷ 

২০১৬ বৰ্ষত কৃষি ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা কৃষকৰ হিচাপ বৰ্তমানেও প্ৰকাশ কৰা নাই গৃহ মন্ত্ৰণালয়ে৷ শুক্ৰবাৰে এই কথা ঘোষণা কৰিছে চৰকাৰে৷ উল্লেখ্য যে, গৃহ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় অপৰাধ ৰেৰ্কড ব্যুৰৰ ‘ভাৰতত আকস্মিক মৃত্যু আৰু আত্মহত্যা’ শীৰ্ষক ৰিৰ্পটত আত্মহত্যা কৰা লোকৰ হিচাপ প্ৰকাশ কৰে৷ কৃষি ৰাজ্য মন্ত্ৰী পুৰুষোত্তম ৰোপালাই ৰাজ্যসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত কয়, ২০১৫ চনৰলৈকে আত্মহত্যা কৰা কৃষকৰ হিচাপ ৱেৱচাইটত উপলব্ধ আছে কিন্তু ২০১৬ বৰ্ষৰ হিচাপ বৰ্তমানলৈকে প্ৰকাশিত হোৱা নাই৷ 

সদনত দাখিল কৰা হিচাপ অনুসৰি, ২০১৪-২০১৫ বৰ্ষত আত্মহত্যা কৰা কৃষকৰ সংখ্যা ক্ৰমে ৩,০৯৭ আৰু ১,১৬৩ গৰাকী৷ আনহাতে টাইমছ অফ ইণ্ডিয়াৰ ৰিৰ্পট অনুসৰি, বিগত বৰ্ষৰ মে’ মাহত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়া মতে, ২০১৩ বৰ্ষত কৃষিৰ আয় বৃদ্ধি আৰু সামাজিক সুৰক্ষা প্ৰদান কৰাৰ দাবীত ১২,০০০ হাজাৰতকৈও অধিক কৃষকে আত্মহত্যা কৰিছিল৷ উল্লেখ্য যে, কৃষকৰ স্থিতিক লৈ এনজিঅ’ ছিটিজেন ৰিচাৰ্ছ এণ্ড এক্সন ইনিচিয়েটিভে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত উচ্চতম ন্যায়ালয়ত আবেদনৰ পত্ৰৰ জৰিয়তে কৃষকৰ আত্মহত্যাৰ হিচাপ দাখিল কৰিছিল৷ 

শুনানীৰ সময়ত অতিৰিক্ত জেনেৰেল পিএছ নৰসিংহই কয়, কেন্দ্ৰীয় চৰকাৰে নিম্ন আয় লাভ কৰা কৃষকৰ প্ৰতি ধ্যান দিছে৷ আত্মহত্যাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাক ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২২ চনত কৃষকৰ আয়ৰ পৰিমাণ দুগুণ কৰাৰ কথা ঘোষণা কৰিছে৷ এক ৰিপৰ্ট অনুসৰি, ২০১৫ বৰ্ষটোত কৃষি ক্ষেত্ৰৰ লগত জড়িত আত্মহত্যা কৰা ১২,৬০২ গৰাকী লোকৰ ভিতৰত ৮,০০৭ গৰাকী কৃষকৰ লগতে ৪,৫৯৫ গৰাকী শ্ৰমিকে আত্মহত্যা কৰিছিল৷ এই বৰ্ষটোত দেশত আত্মহত্যা কৰা লোকৰ সংখ্যা ১,৩৩,৬২৩ ৰ ভিতৰত কৃষকৰ আত্মহত্যাৰ হাৰ হ’ল ৯.৪ শতাংশ৷ 

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হিচাপ অনুসৰি, দেশৰ ভিতৰত মহাৰাষ্ট্ৰতে সৰ্বাধিক ৪,২৯১ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ ইয়াৰ পাছতেই কৰ্ণাটকত ১,৫৬৯, তেলেংগানাত ১,৪০০, মধ্য প্ৰদেশত ১,২৯০, চট্টীশগড়ত ৯,৫৪, অন্ধ্ৰপ্ৰদেশত ৯,১৬ আৰু তামিলনাডুত ৬০৬ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ এই সাত খন ৰাজ্যৰ সৰ্বমুঠ ১১,০২৬ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ ইয়াৰোপৰি কেন্দ্ৰই জানিবলৈ দিয়া মতে, ২০১৪ বৰ্ষত দেশত ১,৩১,৬৬৬ জন  আত্মহত্যা কৰা লোকৰ ভিতৰত ১২,৩৬০ জনেই কৃষি ক্ষেত্ৰৰ লগত জড়িত৷ আনহাতে ২০১৩ চনত ১১,৭৭২ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ এই বৰ্ষটোত আত্মহত্যা কৰা লোকৰ সংখ্যা হ’ল ১,৩৪,৭৯৯ গৰাকী৷          

( তথ্যখিনি thewire-ৰ পৰা লোৱা হৈছে)