বালিপাৰাঃ শিক্ষা গ্ৰহণত নাই বয়সৰ কোনো সীমা। বয়সৰ সীমা নাই যেতিয়া সৰু-ডাঙৰ বুলি লাজ কৰিবলগীয়াও একো নাই। এই কথাকে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল লেজু মিলিয়ে।

বহুতে বহু কথা কৈছিল যদিও সেইবোৰলৈ কৰ্ণপাত কৰা নাছিল চাৰিদুৱাৰৰ লেজুৱে। তাৰ পৰিৱৰ্তে তেওঁ খুটি-নাতি মাৰি শিকি গৈছিল পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়, প্ৰতিটো অধ্যায়। কেতিয়াবা সমস্যাত পৰিলে পুত্ৰকো সুধিবলৈ লাজ কৰা নাছিল লোকজনে।

অৱশেষত যোৱা মঙলবাৰে দীৰ্ঘদিনীয়া এনে চেষ্টাৰ সুফল লাভ কৰিবলৈ সমৰ্থ হয় লেজুৱে। নৱ প্ৰজন্মক সাহসৰ নতুন পথ দেখুৱাই ৪০ উৰ্ধৰ লোকজনে সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত লাভ কৰে প্ৰথম বিভাগ।

পিছে ৪০ বছৰ বয়সত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাতকৈয়ো আন এক কাৰণতহে চৰ্চালৈ আহিছে চাৰিদুৱাৰৰ ধাৰিকাটিৰ ব্যৱসায়ী লেজুৰ নাম। এই কাৰণৰ সৈতে জড়িত হৈ আছে তেওঁৰ মেধাৱী পুত্ৰ জুবিন মিলি।

উল্লেখ্য যে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুদীৰ্ঘ ২০ বছৰৰ বিৰতিৰ অন্তত পুত্ৰ জুবিন মিলিৰ সৈতে একেলগে অৱতীৰ্ণ হৈছিল ব্যৱসায়ী লেজু। ব্যৱসায়িক কাম-কাজ, পৰিয়াল পোহ-পালৰ লগতে পুত্ৰৰ সৈতে একেলগে পৰীক্ষাৰ বাবে সাজু হৈছিল লেজু।

মাজে-সময়ে পুত্ৰৰ সৈতে একেলগে একেখন টেবুলতে বহিও অধ্যায়ন কৰিছিল লেজুৱে। সাংসাৰিক ব্যস্ততা, বয়স তথা দীৰ্ঘদিনীয়া বিৰতিৰ বাবে কোনো বিষয় বুজি নাপালে পুত্ৰৰ পৰা জানি ল'বলৈকো সংকোচবোধ কৰা নাছিল লোকজনে। কেতিয়াবা আকৌ নিজে জনাতো পুত্ৰকো বুজাই দিছিল তেওঁ।

এনেকৈয়ে পুত্ৰৰ সৈতে একেলগে পঢ়া-শুনা কৰি আশাব্যঞ্জক ফল লাভ কৰি উত্সাহী পৰিছে লেজু। প্ৰথম বিভাগৰ লগতে অসমীয়া বিষয়ত লেটাৰ নম্বৰ লাভ কৰাত আত্ম বিশ্বাসো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে তেওঁৰ।জানিব পৰা মতে, পিতৃয়ে লক্ষিমপুৰ অৱৰ্নৰী মহাবিদ্যালয়ৰ পৰা প্ৰাইভেটকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আনহাতে তেজপুৰ ছায়েন্স একাডেমীৰ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় পুত্ৰ জুবিন।

মিলিয়ে জনোৱা মতে দিনটো ব্যৱসায়িক কাম-কাজত জড়িত হৈ থাকি তেওঁ পুৱা-গধূলি নিতৌ ৩ ঘন্টাকৈ অধ্যয়ন কৰাৰ লগতে হোষ্টেলত থকা পুত্ৰৰো প্ৰতিটো মুহূৰ্ততে পঢ়া-শুনাৰ খবৰ ৰাখিছিল। এই সফলতাৰ আৰঁত পত্নী চোবা মিলিৰ যথেষ্ট কষ্ট আৰু অৱদান আছে বুলিও জানিবলৈ দিয়ে লেজুৱে। ইফালে পুত্ৰৰ লগতে স্বামীৰ এই সফলতাত আনন্দিত হৈ পৰিছে চোবা মিলি। 

পিতা-পু্ত্ৰৰ এই সাফল্যৰ কথা এতিয়া সমগ্ৰ চাৰিদুৱাৰ অঞ্চলতে চৰ্চিত হৈ পৰিছে। ইয়াৰ মাজতে ব্যতিক্ৰমী দুই সফল শিক্ষাৰ্থী তথা পিতা-পুত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰে চৰিদুৱাৰ বিজেপি যুৱ মৰ্চা আৰু মণ্ডল সমিতিয়ে।