newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিত মানৱ সম্পদ গঢ়াৰ ১৪গৰাকী খনিকৰক বুধবাৰে সম্বৰ্ধনা যাচে শিক্ষক সমাজে৷ নামতিৰ শিক্ষক সমাজে অৱসৰ গ্ৰহণ কৰা ১৪ গৰাকী শিক্ষকক মৰিনামদাং প্রাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এটি বিশেষ কাৰ্যসূচীৰ জৰিয়তে বুধবাৰে সম্বৰ্ধনা যাচে৷

শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অন্তর্গত মৰিনামদাং প্ৰাথমিক বিদ্যালয়ত নামতি চাৰিআলি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত অঞ্চলটোৰ ১৪ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা যাচিবৰ বাবে বৰ্ণাঢ্য অনুষ্ঠানত পুৱা শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীসকলে ৰাষ্ট্ৰীয় সংগীতে গাই কাৰ্যসূচী আৰম্ভ কৰে। 

চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক ভৱকান্ত কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাৰ উদ্দেশ্য বাখ্যা কৰে নামতি চাৰিআলি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শিখামণি বড়া হাজৰিকাই। মৰিনামদাং প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য-গীতেৰে জীপাল কৰি তোলা অনুষ্ঠানত বিদ্যালয় পৰিদর্শক কুলদীপ তালুকদাৰ উপস্থিত থাকে৷ পৰিদৰ্শক তালুকদাৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে সম্বৰ্ধনা অনুষ্ঠানত পূৰ্ণ সহযোগিতা আগবঢ়োৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে এনেবোৰ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যৎ আগহাঢ়ি যোৱাক সহায়ক হ’ব বুলি কয়৷ যি সকল শিক্ষক-শিক্ষয়ত্ৰীয়ে অশেষ কষ্টৰ বিনিময়ত এখন বিদ্যালয় স্থাপন কৰিলে তেওঁলোকক সম্বৰ্ধনা জনোৱাটো আমাৰ নৈতিক কৰ্তব্য বুলিও কয় তালুকদাৰে। 

সমাজকর্মী লাচিত ফুকনে মৰিনামদাং প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রীসকলে বিভিন্ন খেল-ধেমালি, সাহিত্য-সংস্কৃতিৰ দিশত আগবাঢ়ি যোৱাত নামতি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বুলি কৈ প্ৰধান শিক্ষয়িত্ৰী অমিয়া গগৈক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অৱসৰগ্ৰহণ কৰা শিক্ষাগুৰুসকলক সন্মান যাচে। 

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্রী, মৰিনামদাং প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি চেনিৰাম কোঁৱৰ, শিক্ষয়িত্ৰী তৃষ্ণা ফুকন, সমাজকৰ্মী মুকিবুৰ ৰহমানৰ লগতে ভালেকেইজন গণ্য-মান্য লোক উপস্থিত থাকে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা প্রায় ৫ শতাধিক লোকৰ দৃষ্টি আকৰ্ষণ কৰে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে। মৰিনামদাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া গগৈয়ে বিদ্যালয় খনৰ ১১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইউ বেংকত একোটাকৈ একাউণ্ট খুলি ডেৰ লাখতকৈ অধিক ধন জমা কৰিবলৈ সক্ষম হোৱা বুলি কয়৷