newsnextone.com | গোৰেশ্বৰঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বাক্সা জিলাৰ গোৰেশ্বৰৰ অনিন্দিতা মেধী নামৰ পৰীক্ষাৰ্থীগৰাকীয়ে প্ৰথম দহগৰাকীৰ ভিতৰতে অষ্টম স্থান দখল কৰা শনিবাৰে গোৰেশ্বৰত বিভিন্ন গল-সংগঠনে সম্বৰ্ধনা যাচে৷

বাক্সা জিলাৰ গোৰেশ্বৰস্থিত ৰেইনব' ইংলিচ স্কুলৰ ছাত্ৰী অনিন্দিতা মেধীক সম্বৰ্ধনা জনাবলৈ শনিবাৰে আয়োজন কৰা সভাত প্ৰাক্তন আছুনেতা কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা, বিটিচিৰ ইএম গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী আদি নেতা উপস্থিত থাকে৷

কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই মেধা ছাত্ৰ-ছাত্ৰীক ৰাজনীতিলৈ আহিবৰ বাবে আহ্বান জনায়৷ সত্যব্ৰত কলিতাই কয় যে ৰাজ্যৰ একোজন মানুহে সমাজ সলনি কৰিব পাৰে। গোৰেশ্বৰৰ অনিন্দিতাই আজি তাকে কৰিব ওলাইছে। আজিৰ পৰা দায়িত্ব বাঢ়িল তাইৰ লগতে গোৰেশ্বৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাৰ। কষ্ট অবিহনে কোনোৱে সাফল হ’ব নোৱাৰে৷ ইয়াৰ কোনো ছুটী বিকল্পও নাই। চোকা ছাত্ৰ-ছাত্ৰীয়ে ৰাজনীতিৰ ক্ষেত্ৰলৈ আহিব লাগে। তেতিয়াহে সমাজ সংস্কাৰ হ’ব।

ৰেইনব' ইংলিচ স্কুলৰ সভাগৃহত শুক্লাই চেৰফাং ব্লক বিপিএফে সভা অনুষ্ঠিত কৰে। বিদ্যালয়পৰিচালনা সমিতিৰ সম্পাদক মহীধৰ বড়োই আঁতধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰি ৰেইনব' ইংলিচ স্কুলৰ অধ্যক্ষা পৃথা পি কেয়ে কয় যে তেওঁৰ চাকৰি জীৱনৰ আটাইতকৈ মহৎ উপলব্ধিটো হ'ল অনিন্দিতাৰ সাফলতা। 

অনিন্দিতাৰ এই ফলাফলে গোৰেশ্বৰ অঞ্চলটোক শৈক্ষিক দিশত এক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি অধ্যক্ষাগৰাকীয়ে মন্তব্য আগবঢ়ায়। সভাত ৰেইনব' স্কুলৰ প্ৰতিগৰাকী  শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীকো সম্বৰ্ধনা জনাই বিদ্যালয়খনৰ অভিভাৱক-অভিভাৱিকাসকলে। শুক্লাই চেৰফাং সমষ্টিৰ ইএম গণেশ কছাৰীয়ে অষ্টম স্থান প্ৰাপ্ত অনিন্দিতা মেধীক ফুলাম গামোচা, আৰনাই, জাপি, শৰাই, ফুলৰ থোপা আৰু ফুলৰ মালাৰে অভিনন্দন যাচে। গণেশ কছাৰীয়ে কয় যে অনিন্দিতাৰ এই ফলাফলে গোৰেশ্বৰ অঞ্চলৰ লগতে বাক্সা জিলাকো গৌৰবান্বিত কৰিছে। 

কছাৰীয়ে কয় ‘‘এই ফলাফলে বিটিচিৰ উপ প্ৰধান খাম্ফা বৰগয়াৰীকো উৎসাহিত কৰিছে আৰু তেওঁ পৰ্যাপ্ত সহায় সহযোগ আগবঢ়াব বুলি কয়। বিটিচি চৰকাৰে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে মুঠ ২৫ লাখ টকা ঘোষণা কৰিছে। কালিৰে পৰা বিদ্যালয় গৃহৰ কাম আৰম্ভ হ’ব। আনহাতে ইএম গণেশ কছাৰীয়ে নিজাববীয়াকৈ অনিন্দিতা মেধীলৈ ৫০ হাজাৰ টকা প্ৰদান কৰে। অনিন্দিতাক দুমাহৰ দৰমহাও প্ৰদান কৰাৰ কথা ঘেষণা কৰে ইএম গৰাকীয়ে। 

গোৰেশ্বৰ আৰু শুক্লাই অঞ্চলৰ পৰা স্থান প্ৰাপ্তসকলক প্ৰতিবছৰে ৫০ হাজাৰ টকাকৈ দিব বুলিও ঘোষণা কৰে ই এমে মহেশ্বৰে। আনহাতে বিটিএডিৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বিটিচি চৰকাৰৰ পৰা নগদ দুই লাখ টকা প্ৰদান কৰিব বিটিচি চৰকাৰে। অনিন্দিতাই সেই মৰ্মে বিটিচি চৰকাৰৰ পৰা ২ লাখ টকাও লাভ কৰিব বুলি কয় গণেশ কছাৰীয়ে। ইপিনে সভাত ব্যৱসায়ী সুৰেণ বড়োই অনিন্দিতালৈ নগদ ত্ৰিশ হাজাৰ টকা প্ৰদান কৰে। ব্যৱসায়ী মাধৱ ডেকাই এটি লেপটপ প্ৰদান কৰে অনিন্দিতা মেধীক। 

সভাত গাছবাৰী হাইস্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা সৌমদং বড়োকো নগদ ত্ৰিশ হাজাৰ টকা প্ৰদান কৰে ই এম গণেশ কছাৰীয়ে। সম্বৰ্ধনা সভাত গোৰেশ্বৰ সমষ্টিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে কয় যে অনিন্দিতাৰ দৰে এনে এটি ফলাফলে গোৰেশ্বৰৰ শৈক্ষিক দিশটোক উন্নত কৰিব। লগতে কালি মন্ত্ৰী ভৱেশ কলিতাই ৰেইনব' স্কুললৈ যোৱা পথচোৱা পকীকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও ইএম মহেশ্বৰ বসুমতাৰীয়ে পুনৰ একেটা পথকে বিটিচি চৰকাৰ পৰা পূৰ্বে ধৰি থোৱা আচঁনি মতে কাইলৈৰ পৰা পথৰ কাম কৰা হ'ব বুলি উল্লেখ কৰে। 

সম্বৰ্ধনা সভাত অভিনেতা নয়ন নীলিমে অনিন্দিতাক শুভেচ্ছা জনাই কয় যে পৰীক্ষাত কৃতকার্যতা হ'ব নোৱাৰাসকলেও মনোবল হেৰাই পেলাব নালাগে। ডাক্তৰ অভিযন্তাই নহয় আমাৰ অঞ্চলবোৰক ভাল নাগৰিকো লাগে। এই অঞ্চলৰ পৰা তেনে সুনাগৰিকৰ জন্ম হওঁক তাকে কামনা কৰে অভিনেতা গৰাকীয়ে। সভাত বড়ো ছবিৰ জনপ্ৰিয় অভিনেতা ওম প্ৰকাশো উপস্থিত থাকে। সভাত চিআৰপিএফ কামানডেণ্ড এচ এন বালাই, গোৰেশ্বৰ সেনা চাউনীৰ কেপ্তেইন সিদ্ধাৰ্থ, গোৰেশ্বৰ টাউন সমিতৰ অধ্যক্ষ ধনঞ্জয় বসুমতাৰীয়ে গোৰেশ্বৰ ব্লক বিপিএফৰ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।