ৰঙিয়াঃ সুদীৰ্ঘ ১৩ বছৰৰ অন্তত ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়কে মন্ত্ৰিত্ব লাভ কৰিলে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ দুয়োটা কাৰ্যকালত ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হোৱা থানেশ্বৰ বড়োৱে শিক্ষা, ৰাজহ আদি মন্ত্ৰিত্ব লাভ কৰিছিল৷ তাৰ পাছতে তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত ভুৱনেশ্বৰ কলিতাই দুটা বছৰৰ বাবে উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ সুদীৰ্ঘ ১৩ বছৰ কাল মন্ত্ৰিত্ব লাভ নকৰাৰ সমষ্টিৰ ৰাইজৰ বাবে যোৱা বুধবাৰৰ দিনটোত ভাল খবৰটো আহে৷ বুধবাৰে্ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা ৭ জনীয়া মন্ত্ৰিত্বৰ তালিকাত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ নাম অন্তৰ্ভুক্ত কৰা হয়৷
তাৰ এদিন পিছতে বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই বৃহস্পতিবাৰে ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত লয়৷ ভৱেশ কলিতাই জলসিঞ্চন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰাৰ খবৰে ৰঙিয়াত ৰাইজ তথা বিজেপিৰ নেতা-কৰ্মী উৎফুল্লিত হৈ পৰে৷ মন্ত্ৰিত্বৰ শপত লোৱাৰ পিছতে ৰাজ ভৱনৰ পৰা ভোটাৰ তথা জনগণৰ ওচৰলৈ দৌৰ দিয়ে৷ ভৱেশ কলিতাই বৃহস্পতিবাৰে দিনৰ তিনি বজাত ৰঙিয়া সমষ্টিৰ ৰঙিয়া চহৰত প্ৰৱেশ কৰাৰ লগে লগে বিজেপি দলৰ লগতে ৰঙিয়া সমষ্টিৰ লোকে ৰঙিয়া চহৰৰ প্ৰৱেশ দ্বাৰৰ পৰা নতুন মন্ত্ৰী গৰাকীক আঁদৰি আনে।