লালুকঃ উত্তৰ লখিমপুৰ জিলা শিক্ষক-কৰ্মচাৰী সন্থাই শুকুৰবাৰে খেৰাজখাট কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ জিলাখনৰ এশ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে৷

খেৰাজখাট কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মাখনি নেওঁগে বন্তি প্ৰজ্বলেনেৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰে৷ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বুবুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অমৃত শৰ্মাই৷

সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰিশ ভূঞাঁই৷ অনুষ্ঠানত সমাজকৰ্মী জীৱকান্ত বৰা, ৰবীন শইকীয়া, গুণীন্দ্ৰ নাথ বৰা, গিৰীশ বৰা, পুতুল শইকীয়া আৰু  অজয় শৰ্মাকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকি কৃৰ্তী ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে ভাষণ আগবঢ়ায়৷

অনুষ্ঠানত হাইস্কুল শীক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰা ভাৰ্গৱ প্ৰতীম বৰাক প্ৰয়াত অধ্যক্ষ ললিত চন্দ্ৰ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷ নগদ পাঁচ হাজাৰ টকা আৰু মানপত্ৰসহ বঁটা প্ৰদান কৰে বীৰেন শইকীয়াই৷