অভয়াপুৰীঃ এগৰাকী মহিলাই জুবিন গাৰ্গৰ অনুষ্ঠান উপভোগ কৰিবলৈ গৈ অৱশেষত ঘৰলৈ এটি নিথৰ দেহ হৈ উভতি আহিল৷ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হ’ল এখন পথাৰত৷ দেহৰ কাপোৰ পৰ্যন্ত নোহোৱাকৈ পৰি থকাৰ দৰে এই কাণ্ড সংঘটিত হৈছে বঙাইগাঁও জিলাত৷ 

নিতৌ ৰাজ্যত ধৰ্ষণ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ ছবিতা নাথ নামৰ মহিলাগৰাকীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰে আৰক্ষীয়ে৷ আনহাতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ বঙাইগাঁও জিলাৰ মূলাগাঁৱত যোৱা ১৯ এপ্ৰিলৰ নিশা অনুষ্ঠিত হৈছিল বহাগ বিহুৰ অনুষ্ঠান৷ বিহুৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আহিছিল জুবিন গাৰ্গ৷

বঙাইগাঁও জিলাৰ ধলাগাঁও ভাটিপাৰাৰ প্ৰায় ৩৪ বছৰীয়া মহিলাগৰাকীয়ে বিহু চাবলৈ আহে৷ বিহু চাবলৈ আহি নিৰুদ্দেশ হয় মহিলাগৰাকী৷ তাৰ পিছতে মহিলাগৰাকীৰ মৃতদেহ ধলাগাঁও পথাৰত শুকুৰবাৰে পুৱা অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয়৷

শুকুৰবাৰে পুৱা পথাৰত অৰ্ধ উলংগ অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। জিলা উপায়ুক্ত বাবুলাল শৰ্মা, জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মণকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ আনহাতে ঘটনাস্থলীত সুৰাৰ বটল আৰু গিলাচ উদ্ধাৰ হোৱাৰ ঘটনাকো আৰক্ষীয়ে সহজে লোৱা নাই৷

মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক আটক কৰা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।